এই ৰাতি পুৱাবনে?
ৰেণু শৰ্মা
ডিব্ৰুগড়
বৰ্ষণমুখৰ শাওনৰ ৰাতি
নজ্বলে আকাশ বাতি
আইতাৰ আখলৰ টেকেলী কাটি
ঢিমিক ঢামাক কৈ জ্বলি আছে এটি কেৰাচিন তেলৰ চাকি
নাতিটোৰ নকমে জ্বৰ, পেটত নাই খুদ-কণ
“হে প্ৰভূ মোৰ, এটিবাৰ চোৱা চকু মেলি।”
বৰষুণৰ মাজতে আইতাই কাণ থিয় কৰি থাকে
কিজানি সি আহি মাতেহি ‘আই’ বুলি বাহিৰৰ পৰা
“পুৱাতে ওলাই গ'ল চৰকাৰৰ ঘৰৰ চাউল কেইটা আনিবলৈ, এই ৰাতি দুপৰ হ'ল
এতিয়াও নাপালেহি সি।কি জানো বিঘিনি হ’ল, নেদেখা জনেহে জানে।দুখীয়াক দয়া কৰা প্ৰভূ”
আলিটোৰ সিপাৰৰ সেউতীয়ে শুনিছে, আইতাই ৰাউচি জুৰি কান্দিছে। ল’ৰাটোৰ কিবা হ’ল নেকি?
যাবলৈও উপায় নাই, দবাপিটা শিল বৰষুণ, মেঘৰ গৰ্জন, বিজুলীৰ চমকত বুকু কঁপায়।
এই ৰাতি পুৱাবনে বাৰু?
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment