বন্ধুত্ব - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

বন্ধুত্ব


 বন্ধুত্ব 


           কল্পনা চেতিয়া

               বোকাখাত 


বন্ধুত্ব যে পুৱাৰ এক সুবাস

বন্ধুত্ব  আন্ধাৰ নিশাৰ এক জোনাকী বাট

বন্ধুত্বই  বিচাৰি নলয় ধৰ্মৰ নাম

বন্ধুত্বক নালাগে ধনী-দুখীয়াৰ শ্ৰেণী কোঠাৰ দাম

বন্ধুত্বই দিয়ে বন্ধু-বিপদৰ চিনাকি নাম

বন্ধুত্বই গঢ়ে মাথো ইজনে সিজনক

বিপদে-আপদে, সুখে-সম্পদে

একেলগে কঢ়িয়াই লৈ ফুৰাৰ এক শুভ সংবাদ

বন্ধুত্বই হজমো কৰিব পাৰে প্ৰতাড়ণা

গ্ৰহণো কৰিব পাৰে বন্ধুত্বই বিড়ম্বণা

বন্ধুৰ স্বাৰ্থৰ বাবেই নিজকো

কৰি দিব পাৰে  নীৰৱে অকলশৰীয়া

বন্ধুত্বৰ বাবেই সৃষ্টি হ’ল

মহানুভৱ গীতা

বন্ধুত্বৰ বাবেই আদৰ্শ হ’ল

বিপ্ৰ সুদামা

বন্ধুত্ব নহয় যে কেৱল এক জীৱন ধেমালি

ই এক জীৱন কাঠামো

শিলে শিলে কৰ্ষণ হোৱা

প্ৰাচীনতম সভ্যতাৰ এক স্ফুলিঙ্গ

ই যে চিৰন্তন এক সঁচা অৰ্থ 

বন্ধুত্ব !


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages