চেনেং
বিষ্ণু ডেকা
মৰিগাঁও
অ’ মোৰ চেনেং ঐ
মেঘত ঢৌ তুলি নাহাঁহিবি অ’
তই তেনেকৈ হাঁহিলে
মোৰ বুকুত
সাগৰৰ জোৱাৰ উঠে
শিমলুফুলীয়া ধূসৰিত আবেলি
আকাশৰ এবুকু নীলা সাৱটি
চপৰা চপৰে খহে হৃদয়ৰ গড়া
ভালপোৱা দিনৰ এটি কবিতা লিখি
সখীৱতী চৰাইৰ বুকুত
তোলৈ বুলি হৃদয় খন জুৰাইছোঁ এবেলা।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment