আমাৰ পৃথিৱী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

আমাৰ পৃথিৱী


 আমাৰ পৃথিৱী 


                     সংগীতা গায়ন বৰা 

                        চামগুৰি, নগাঁও


খেতিয়ক দেউতাৰ চাৰি জনী ৰোৱনী

পিতাইৰ পথাৰ সজীৱ আঙুলি বুলাই আশাৰ কঠিয়াৰে,

সেউজীয়া সপোন সাৱটি।


বাৰিষাৰ বুকুত কঁপা

নখহিলে নৈ গৰা,

দেউতাৰ দুবাহু আৰু নাঙলৰ সীৰলুৱে 

আইৰ মুখত সিও এমুঠি সুখৰ হাঁহি ।


খেতিয়ক দেউতাৰ এগৰাকী দাৱনী

ৰ'দত জিলিকা সোণোৱালী সপোনত

আঘোণৰ সাজোন-কাচোন,


সোণগুটি সাৱটি পেট আৰু চোতালৰ ভঁৰাল 

আইৰ আখলত ভোক অঁকা ভোগৰ সঞ্জীৱনী,


এয়ে মোৰ পূজনীয় মা...

আমাৰ পৃথিৱী।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages