মানুহ ভালপোৱা মানুহজন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

মানুহ ভালপোৱা মানুহজন

 

মানুহ ভালপোৱা মানুহজন


                                                    আৰতি ফুকন

                                       গুৱাহাটী বিশ্ববিদ্যালয়


সময়ৰ গহ্বৰত নিজক বিচৰাৰ 

যি যুদ্ধ চলি আছিল অন্তৰাত্মাত, 

সেই যুদ্ধৰ মাজতে এটা কৰুণ ধ্বনিৰে 

গুঞ্জৰি উঠিল চৌদিশ, চৌপাশ।


চাৰিওফালে মাথোঁ এক প্রশ্নবোধক চিন 

যেন মিছা হওঁক সেই খবৰ 

এই প্ৰাৰ্থনাতেইআতুৰ সকলো।


শত শহস্ৰ কাকৃতিৰ অন্তত 

আহিল সেই কালৰ মুখৰ খবৰটো 

অসমীয়াৰ ৰুদ্ধ হৈ গ'ল কন্ঠ।


সমগ্র দেশে চিঞৰি উঠিল 

এনে কথা নকৰিবা উচ্চাৰণ দুনাই, 

কিন্তু বিধিৰ বাৰ্তা নুই কৰাৰ অধিকাৰেইবা কাৰ!


অসমীয়াৰ অহংকাৰ, সুৰৰ ৰজা 

কন্ঠৰ প্ৰেমাস্পদ, শব্দৰ অভিধান 

মানুহ ভাল পোৱা সেই মানুহজন, 

মানুহৰ মাজৰেই বাটকুৰি বাই 

সোণাপুৰত স্থিতি ল’লেগৈ 

আজীৱন ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages