অলপ সময় কথা পাতোঁ
এ.জে. পাংগিং
চৰাইদেউ
এতিয়াই ফোন ক’লটো কাটি নিদিবাছোন
কিছু সময় কাণত
ইয়েৰ ফোনডাল লগাই লোৱা।
নিজক বুজাব পৰা নাই
নিজক চম্ভালিব পৰা নাই
মই নিজকে হেৰুৱাই পেলাম
এতিয়াই ফোন ক’লটো কাটি নিদিবাছোন!
আৰু অলপ সময় কাণত
ইয়েৰ ফোনডাল লগাই লোৱা-
ক’বলৈ বহুতো কথা আছে
শুনাবলৈ বহুতো কাহিনী আছে
তোমাক লৈ দেখা সপোনবোৰ
তোমাৰ স’তে পূৰাব বিচাৰোঁ
এতিয়াই ফোন ক’লটো কাটি নিদিবা!
মই নিজকে হেৰুৱাই পেলাম
এতিয়াই ফোন ক’লটো কাটি নিদিবা!
আৰু কিছু সময় কাণত
ইয়েৰ ফোনডাল লগাই লোৱা।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment