বাওনা ঘাট - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

বাওনা ঘাট

 

বাওনা ঘাট


                বিপুল শৰ্মা

                    ধেমাজি


বাওনা ঘাটৰ শিমলুজোপাত

এজাক কাউৰীৰ চিঞৰ


গড়াটোত বহি

মণিৰাম দাইটিৰ চকু

চেলকণা মাছৰ জলকেলিত


লাইপুলীয়া নৈত

ডুব মাৰি উঠি অহা

আইপানীৰ দেহত মুকুতা


কাউৰী চিঞৰ

চেলকণা মাছৰ জলকেলি

আইপানীৰ দেহৰ মুকুতাত

বুৰ গৈছিল সময়


এতিয়া

লাইপুলীয়া শুকাই গ’ল

বাওনা ঘাটত দলং হ’ল


লাইপুলীয়া শুকাই গ’ল

চেলকণা মাছ নাইকিয়া হ’ল


লাইপুলীয়া শুকাই  গ’ল

আইপানী ডুব নমৰা হ’ল


দলঙখনৰ বাবে

শিমলুজোপা কাটি পেলোৱা হ’ল

কাউৰীজাক নহা হ’ল


মণিৰাম দাইটিৰ উদাস চকু

মুখত ভাবলেশহীন হাঁহিত

বাওনা ঘাটৰ প্ৰতিছবি ।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages