তুমি আহিবা বুলি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

তুমি আহিবা বুলি


 তুমি আহিবা বুলি


                                টোলন তাছা

                         কলিয়াবৰ, নগাঁও


তুমি আহিবা বুলি

এসাগৰ আশাৰে খুলি থৈছোঁ

পজাঁখনৰ আটাইবোৰ দুৱাৰ-খিৰিকি


মাথো খালি হাতে নাহিবা দেই

পাৰিলে সাৱটি আনিবা

এগালমান তৰাফুলীয়া জোনাক


চিৰসেউজীয়া চাহ বাগিচাৰ গলিবোৰত

হাতে হাত ধৰি আগুৱাই যাম

পাতিম আমি অন্তৰংগ আলাপ


তুমি আহিলে এজাৰ ফুলিব

সোণাৰুৰ হালধীয়াই মন উতনুৱা কৰিব

কৃষ্ণচূড়াই জুৰিব নৱ জীৱনৰ গীত।


ৰাধাচূড়াই ৰুণ দিব শিৰীষৰ ডালত

ৰ'দালিয়ে আঁকিব সোণালী সপোন

তোমাৰ কোমল গোলপীয়া গালত।


তুমি আহিবা বুলি

নিজম নিশাৰ নিৰৱতা ভেদি

বালিমাহীয়ে বজাইছে সমধুৰ বাঁহী ।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages