গানৰ বান্ধ
বিতোপন গগৈ
শিমলুগুৰি, লখিমপুৰ
উটি গ’ল
দেউতাৰ ঘৰটো
উটি গ’ল
বাহবোৰ
উটি গ’ল
বাঁহবোৰ.....
পিতাই হেৰাল
তুমি গুছি আহা
তুমিও হেৰালে
মই কাৰ লগত থাকিম?
সম্বিত হঠাৎ ঘূৰি আহিল
ঘূৰি নাহিল শান্ত সময়
চৰাইজাকে কান্দিছে
খঙৰ অগনি জ্বলিছে....
খুলি দিলা চুলিৰ শপত বান্ধ
বৈ আহিল দেৱতাৰ
উজাগৰী ৰাতিৰ অচিন ঢৌ
বিষাদৰ প্ৰচণ্ড বিষ
সুলকি পৰিছে পৃথিৱীৰ গাঁঠি
উটি উটি গৈ আছে
ক্ষোভিত মৃতদেহৰ গান
পৰিকল্পনাবিহীন
এটা চুইছ
দুঃখবোৰ পালতৰা নাও
চকুৰপানীত যুদ্ধৰ আখৰা
জ্ঞানৰ সন্ধান দিয়া প্ৰভূ
ক’ৰবাত ঋতুৰ ফুল সৰিছে
উটুৱাই দিলো চাৰিগছি চাকি
সেউজীয়া পাতত
কাকো ক’ব নোৱাৰা
এবুকু বিক্ৰিয়াৰ চাকনৈয়া......
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment