নিসংগতা
মৃণাল বৈশ্য
তামুলপুৰ
নিসংগতা ভাল লাগেনে তোমাৰ?
থাকিব বিচৰা নে
বিচ্ছিন্ন হৈ কেতিয়াবা
হৃদয়ৰ পৰা, মৰমৰ পৰা
অকলশৰে,
এটা বন্ধ কোঠাত নিৰবে?
আচলতে
জীৱনৰ কোনোবা মুহূৰ্তত
সকলোৱে অকলশৰীয়া
হয়টো তুমি নভবাকৈয়ে।
নিসংগতাও ভাল লগে কেতিয়াবা
নিজৰ সৈতে কথা পতাৰ,
নিজৰ মাজতে লীন হোৱাৰ সময় সেয়া ।
নীৰৱতাই বহু কথা কয়,
নিসংগতা ই বহু পুৰণি সংগ বিচাৰি লয়।
(কোনো অকলশৰীয়া নহয় কেতিয়াও,
আমি নিজৰ মাজতেই সম্পূৰ্ণ।)
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment