খবৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

খবৰ

 

খবৰ


            মধুস্মিতা চমুৱা বৰুৱা

          মেইল বজাৰ, বিশ্বনাথ


মোৰ অসুখৰ খবৰ শুনিলেই তুমি ঢপলিয়াই আহিবা

আহিব নোৱাৰিলে আশুআৰোগ্যৰ কামনাৰে শিতানৰ গাৰু তিয়াবা 

কিন্তু কেনেকৈ কওঁ‌ তোমাক

বুকুৰ বিষতকৈ অধিক তীব্ৰ

আন এঠাইতহে বিষ এতিয়া

কাগজক মনৰ কথাবোৰ খুলি ক'ব নোৱাৰা কলমটোৰ দৰেই

মোৰ উদং আজি শব্দৰ ভঁ‌ৰাল

সেমেকা মনৰ চোতাল


নিচিগা ধাৰে বোৱা চকুৰ লুনীয়া

সামৰি-সুঁ‌তৰি থোৱা হ'লে আলফুলে কোনোবাই

দেখিলাহেতেন 

হাজাৰ ভীৰতো মানুহ কিমান অকলশৰীয়া 


ভাগে ভাগে নিজক ভগাই 

নিজলৈ একোৱেই নাথাকে মানুহৰ

থাকে মাথো অৱহেলা আৰু অৱহেলা

চৰাইবোৰ, পখিলাবোৰ, পোক-পতংগ সৰিসৃপ আটাইবোৰ সামৰি

মৰি যোৱা চহৰখনত তুমি আপোনপাহৰা হাবি এখন হ’লা

কৈ থ’লো

মোৰে শপত

মই মৰাৰ পিছত মোৰ গুণ গাই কদাপি যেন নাপাতা শোক সভা

এক মিনিট মৌনব্ৰতেৰে নকৰিবা বৈকুণ্ঠ গমনৰ মিছা প্ৰাৰ্থনা


বিশ্বাস আছে

মোৰ অসুখ বুলি শুনিলেই তুমি ঢপলিয়াই আহিবা

কিন্তু কস্মিনকালেও তুমি মোৰ একো খবৰেই নাপাবা ।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages