বুকুৰ পথাৰত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

বুকুৰ পথাৰত

 

বুকুৰ পথাৰত


                  মনালিচা ৰাজবংশী 

                    আন্ধেৰীঘাট, দৰং

    

নীলা, সেউজীয়াৰ ভালপোৱাৰে

আছে ভৰি মোৰ হেঁপাহৰ 

বুকুৰ পথাৰখন,


আছে বুকুৰ পথাৰত 

আই, পিতালৈ অযুত স্নেহ,


হয়তো আছে ঠাই তোমাৰ বাবেও

মোৰ বুকুৰ পথাৰত,

আহিবা মই ৰৈ থাকিম!


নাই হয়তো ঠাই মোৰ বুকুৰ

পথাৰত পৰিভ্ৰমী চৰাইলৈ,


নিদিয়ো পৰিভ্ৰমী চৰাইক

জিৰাব মোৰ হেঁপাহৰ 

বুকুৰ পথাৰত।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages