অৰ্থই মানুহক আত্মীয়তাবিহীন কৰে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

অৰ্থই মানুহক আত্মীয়তাবিহীন কৰে

 

অৰ্থই মানুহক আত্মীয়তাবিহীন কৰে


হেমন্ত দলে

নলবাৰী কছাৰী, ধেমাজি


সাম্প্ৰতিক কালেই অৰ্থই মানুহক

কৰিছে এক আত্মীয়তাবিহীন স্বাৰ্থ,

দুখত পৰিলেও যেন বিচাৰি নাপাই গৈ দাৰ

ঋণ বুলি ক’লেহে মাথোঁ পাই

প্ৰতিটো মূহুৰ্ততে অৰ্থক।


দাৰ লোৱা হ’লে বেলেগ কথা 

দিয়াকে আকৌ এক মূহুৰ্তত দিব পাৰি,

ঋণ ল’লে কিন্তু খায় মোৰ মাতা

ঘূৰাই ঘূৰাই দিলেও যেন,

শেষ নহয় গৈ ঋণৰ লেটা।


ধন মন ৰণ আৰু স্বাৰ্থই হৈছে 

আজিৰ যুগৰ এটি জীৱন,

আন্তৰিকতা মানৱতা সহানুভূতিক আজি

স্বাৰ্থৰ বিনে সমাজত বিচাৰি পাবলৈ টান।


আজিকালিৰ সময়ত কিন্তু 

মানৱে হৈছে নিজ স্বাৰ্থপৰ,

দুখ বেদনাত পৰিলেও যেন আত্মীয়তাই

নেদেখে, নিজৰ গৌৰৱৰ লাজত।


আজি মই কাৰ ওচৰত 

সঁহাৰি বিচাৰি যাম  ?

নিজ আত্মীয়তাই যেন আজি

গৌৰৱৰ ভাণ্ডাৰ হৈ পৰিছে,

চিনাকি হৈ‌য়ো আজি অচিনাকী হৈ পৰিছে।


আজি সমাজে পৰিবৰ্তন হৈ পৰিছে

আজি লোকে নিমাত হৈ পৰিছে,

মানৱতাক আজি হেৰুৱাব ধৰিছে 

আজি মই নিজে নিজেই;

অকলশৰীয়া যেন লাগিছে।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages