সান্ধ্য ভ্ৰমণ
হেমেন হাজৰিকা
কামৰূপ (মেট্ৰ)
আবেলিটো
সাৰ পাই উঠিছিল
অনেক মানুহ
ৰঙা মানুহ
বগা মানুহ
ক’লা মানু্হ।
ব্যস্ত মানুহৰ পদধ্বনিত
নদীৰ পাৰটোৱে
প্ৰাণ পাই উঠিছিল
কোনোৱে কাকো নিছিনে।
সদাই দেখে
মাত এষাৰ নাই
কেৱল খোজ আৰু খোজ
এয়াই আজিৰ মানুহ
ব্যস্ত মানুহ ।।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment