ইয়াত এখন নদী আছিল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

ইয়াত এখন নদী আছিল

 

ইয়াত এখন নদী আছিল 


সুমন দুৱৰা গগৈ

ডিব্ৰুগড়


ইয়াত এখন নদী আছিল 

নদীখনে বুকুত সহস্ৰজনৰ স্বপ্ন

 ইপাৰৰ পৰা সিপাৰলৈ কঢ়িয়াই ফুৰিছিল,

নদীখনৰ ঢৌৱে ঢৌৱে বোৱাই নিয়া 

গোপন কবিতাবোৰৰ 

শ্ৰোতা নদীখনেই আছিল।

হাজাৰ হাজাৰটা প্ৰশ্ন আৰু প্ৰশ্নবোৰৰ প্ৰত্যুত্তৰ দিছিল নদীখনৰ গভীৰতাই,

ইয়াতেই এখন নদী আছিল 

নিতৌ নদীখনৰ প্ৰবাল সোঁতে কেতিয়াবা যদি ধীৰে ধীৰে, তেন্তে কেতিয়াবা পৰত ৰুদ্ৰমূৰ্তিৰে।

প্ৰতিবেলাতে হৃদয়ৰ আবেগ, অনুভূতিবোৰৰ 

ঢৌৱে খেলা কৰা বহু কবিতা, একো একোখন উপন্যাস, সহস্ৰজনৰ আত্মজীৱনী ওপঙি উঠিছিল।

কেতিয়াও ক্ষুণ কৰিব নোৱাৰা দুধাৰি চকুলো 

বুৰঞ্জীৰ পৃষ্ঠাত থমকি ৰ’ল

নদীখনৰ আবেগ, আশা 

হেঁপাহবোৰৰ কিৰিলি 

নিশা যিমান গভীৰ হয়

নদীখনৰ আবেগ বোৰেও চিঞৰি চিঞৰি বুকু বিদাৰি কান্দি উঠে,

ইয়াতেই এখন নদী আছিল 

মানৱ সভ্যতা, সংস্কৃতিৰ জীৱনী সৃষ্টি 

জীৱনৰ ব্যতিক্ৰমী সুৰবোৰ 

বাজি উঠিছিল মায়াবিনী ৰাতিৰ বুকুত।

কিন্তু সহজ সৰল  

সৃষ্টি শীল নদীখনৰ 

সেই সাৰুৱা, ৰসালতাবোৰত এতিয়া ৰাসায়নিক পৰশে আমোল-মোলাইছে।

সেউজীয়া সপোনে দলিচা পাৰি ৰখা 

নদীখনৰ মান্যতাক 

ক’লা ৰঙেৰে ঢাকি ৰাখিলে,

হাস্যৰস, ৰোমাঞ্চক, ব্যঙ্গাত্মক 

ব্যঞ্জনৰে থলুৱা 

সোৱাদ লোৱা নদীখনৰ সম্ভাৰ বোৰ এতিয়া আধুনিকতাৰ দুগোন্ধই স্বাদ বিহীন কৰিছে ।

নদীখনৰ গৰ্ভত সৌ সিদিনা আবেলি পৰত পাখি মেলি উৰি ফুৰা স্বপ্নবোৰৰ ডেউকা দেখোন এতিয়া ভঙা,

শিল্পায়নে স্ৰোতাস্বিনীৰ ব্যক্তিত্ব 

আজুৰি লৈ কৰিলে 

তাইৰ বুকুখনিক উদং।

ৰঙবিহীন কৰি তুলি 

কংক্ৰীটেৰে এখন 

মানচিত্ৰ আঁকি তুলিলে,

এতিয়া মাথোঁ বাজি উঠে এটি আৱেগৰ সুৰ

ইয়াত এখন নদী আছিল।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages