শেষ হৈও শেষ হ’ব নোখোজা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

শেষ হৈও শেষ হ’ব নোখোজা

 

শেষ হৈও শেষ হ’ব নোখোজা


                               ভাৰতী চক্ৰৱৰ্তী 

                                       ডিব্ৰুগড়


আত্মাই নিচুকাই থকা ঘা বোৰে

সেউজীয়া সপোনৰ

দুপাৰ খহায়


খহি অহা সপোনৰ ভগ্নাংশই

ভৰ বাৰিষাৰ নদী হৈ

দুচকুৰ পাৰ ভাঙে


শোক গদ্য মেৰিয়াই 

কলিজাৰ অফুলন সুখে

বাৰে-বাৰে তোমাৰ

হাঁহিৰ পৰিপূৰক হ’ব বিচাৰে

আৰু বিচাৰে

তুমি হোৱা মোৰ আস্থাৰ দুভৰি


বিনিময়ত 

মূৰ আফালি সময়ে ককবকাই 

এৰি অহা বাটৰ মায়াই

উজায়-ভটিয়াই


উশাহত বিয়পি থকা

হুমুনিয়াহৰ জুই একুৰাত

ছাই হৈ ওলমে

শেষ হৈয়ো শেষ হ’ব নোখোজা

খেয়ালি মোহৰ চমকনি


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages