নৈৰ নীৰৱ প্ৰেমগাথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

নৈৰ নীৰৱ প্ৰেমগাথা

 

নৈৰ নীৰৱ প্ৰেমগাথা


                               ৰূপজ্যোতি পামেগাম

                                 কমলাবাৰী, মাজুলী 


নৈখন তোমাৰ —

সমন্বয়ৰ গভীৰ চাতুৰ্যত

বাৰে বাৰে যি জুখি চায় সোঁত;

মূল্যায়নৰ তুলাচনীত

নৈখনৰ স্থিৰতা আৰু ত্যাগৰ কঠিন মাপকাঠী।


সেয়েহে কওঁ,

নৈখন কেৱল তোমাৰেই...

য’ত কেতিয়াবা উফন্দি উঠে,

কেতিয়াবা বয় ধীৰে, আৰু কেতিয়াবা হেৰাই যায়

আৱৰ্তৰ চাকনৈয়াত।


নৈখনে চোন মাজে মাজে হেৰুৱাই পেলায়,

শান্তিঘন স্থিতিৰ সেই চিনাকি অৱয়ব;

মৰীচিকা খেদি ফুৰাৰ দুৰ্বলতাত

নিথৰ হৈ ৰয় বালিৰ শিখৰত।


নৈখন তোমাৰেই —

তোমাক ভাল লগাতকৈও ভালপোৱাৰ আত্মিক পৰশৰ হেঁপাহত;

নিস্তব্ধ হৈ চাই ৰয় নৈখনে,

তোমাক এই অনন্ত যাত্ৰাত।


তুমিচোন নৈৰ এক আজন্ম প্ৰেমিক!

নৈৰো থাকে এক ব্যাকুল মনৰ জিজ্ঞাসা —

তোমাক নিবিড় পৰশত আকোৱালি লোৱাৰ।


ভালপোৱাৰ বাবেই চাগে নৈয়ে সহি লয়

সহস্ৰ দুখ আৰু যন্ত্ৰণাৰ গধুৰ বোজা,

তথাপিও বৈ থাকে জীৱনৰ ছন্দত —

পাহাৰে-ভৈয়ামে।


তোমাৰ সৃষ্টিৰ —

মইয়ে তিব্বতৰ উত্তৰসূৰী,

মইয়ে যুগদ্ৰষ্টা।

সোঁতনো বাৰু কি?

কি বুলি কওঁ তোমাক —

সৃষ্টিৰ এক চিৰন্তন সমন্বয়ৰ বাহক?

অথবা বিচ্ছিন্নতাই যাৰ শেষ আশা?

যি বৈ থাকে কালৰ সোঁতত অবিনশ্বৰ হৈ

নৈৰ বুকুৰ গভীৰতাত।


সোঁত বাঢ়ে, আকৌ কমে,

আৰু মাজে মাজে হেৰায়

সমন্বয়ৰ সেই গভীৰ চাকনৈয়াত।


তথাপিও...

নৈখন তোমাৰেই হৈ ৰয়,

কেৱল তোমাৰেই হয়।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages