প্ৰমাণ
ইন্দুনিভা বৰা
ধেমাজি
মাজনিশা দুই বাজিছে। কেতেকীৰ হিয়াভগা বিননিত ৰাজীৱৰ টোপনি ভাগিল। কৰুণ বিষাদ এচাটিৰ লগত ৰাজীৱে বুকুৰ ভিতৰত এটি তীব্ৰ বিষো অনুভৱ কৰিলে। এনেকুৱা বহু ৰাতি ৰাজীৱে উজাগৰে পাৰ কৰিছে। পুৱাৰ পোহৰলৈ বাট চাই চাই পাইছে কেৱল হতাশা আৰু হুমুনিয়াহ। নিয়মিতভাৱে শ্লিপিং টেবলেট লোৱাতো তাৰ এক প্ৰকাৰৰ অভ্যাসত পৰিণত হৈছে। পাপী মানুহ সি। ডেকা কালত কিমান পাপ কৰিছে হিচাপ নাই। ৰাজীৱ সকলোতকৈ অপৰাধী তাৰ গোঁসানীযেন মানুহজনী আৰু কন্যা সন্তানটিৰ ওচৰত। এতিয়া সেই পাপৰ ফল ভোগ কৰি দিনে দিনে নৰকলৈ গতি কৰিছে ৰাজীৱৰ জীৱন। প্ৰতিটো ক্ষণ যেন ভৰি পৰিছে ঘৃণা আৰু বিতৃষ্ণাৰে। লক্ষ্মীহেন তিৰোতা জনীক কৰা অন্যায়ৰ প্ৰতিফল এয়া। মৃত্যুৰ বাবে প্ৰাৰ্থনা কৰিও সি মৃত্যুক পাব পৰা নাই। আনহাতে জীয়াই থকাৰো কোনো হেঁপাহ নাই। এতিয়া আত্মহত্যা কৰিব পৰাকৈও দেহত সাহ-বল নাই।
এটা দীঘল উশাহ লৈ হুইলচেয়াৰ খনতে বহি অলপ খিৰিকিখনৰ ফালে আগবাঢ়ি গ'ল ৰাজীৱ। অকলশৰীয়া জীৱন কিমান বিৰক্তিকৰ ৰাজীৱতকৈ ভালকৈ হয়তো কোনেও অনুভৱ কৰিব নোৱাৰে।
"তাই বাৰু ক্ষমা কৰিবনে?" আজিকালি প্ৰায়ে নিজকে নিজে প্ৰশ্ন কৰে সি। নিশিতা, এসময়ৰ তাৰ সহধৰ্মিণী, এখন শান্ত মুখ আৰু এটি শেঁতা হাঁহিৰ গৰাকী। কোনো অভিযোগ নিদিয়াকৈয়ে পঁচিশ বছৰ আগতেই তাৰ ওচৰৰ পৰা আতঁৰি গ'ল নিশিতা। ক'ত গ'ল, কিমান দূৰলৈ গ'ল সি নাজানিলে। মনৰ পৰাও যে এৰি থৈ গ'ল বহু যোজন দূৰ সেই কথা ৰাজীৱে সেইদিনা অনুধাৱন কৰিব নোৱাৰিলে।নিশিতা ঘৰৰ পৰা ওলাই যাওঁতে সি ভাবিছিল- গ'লে যাৱক, তাৰ জীৱনৰ পৰা আপদবোৰ নোহোৱা হ'ব। সি বিচৰা ধৰণেই তাৰ জীৱনটোক ৰঙীণ কৰি তুলিব পাৰিব। চাকৰি- বাকৰি নথকা নিশিতা হাতত থকা ধন কেইটা শেষ হ'লেই তাৰ ওচৰলৈ আকৌ দৌৰি আহিব। নাহিনো ক'লৈ যাব। মাকৰ ঘৰতো তাইক ককায়েকে সদায় নোখোৱায়। কিন্তু ৰাজীৱে ভৱাৰ দৰে কথাবোৰ তেনেকুৱা নহ'ল। নিশিতা মৌন হৈয়ে ওলাই গুছি গ'ল। গ'ল যি গ'লেই। চিনাকি কোনেও নিশিতাৰ একো খবৰ নাপালে। নিশিতাৰ সেই মৌনতাই আজিও ৰাজীৱক খুলি খুলি খাই। ৰাজীৱে এতিয়া মনে-প্ৰাণে নিশিতাক এবাৰ ক্ষমা খোজিব বিচাৰে। নিশিতাক কৰা মাৰ-ধৰবোৰৰ ফলত হোৱাৰ তাইৰ কলিজাৰ ঘাঁবোৰত মলম লগাই দিব বিচাৰে। ৰাজীৱে কৰা ককৰ্থনা শুনি ওলোৱা চকুলোবোৰ মোহাৰি দিব বিচাৰে। কাৰোৰে পৰা নোপোৱা অকনমান মৰমৰ আলিংগন দিব বিচাৰে তাইক। কিন্তু কথাবোৰ ভাৱোতে ৰাজীৱৰ বহুত বেছি দেৰি হৈ গ'ল। ৰাজীৱে কেতিয়াও ভৱা নাছিল তাৰ নিচিনা কৰ্কশ, খঙাল মানুহ এটাও কেতিয়াবা কাৰোবাৰ বিৰহত এইদৰে ভাগি পৰিব পাৰে! এতিয়া মনটোৱে নিজে নিজৰ কৰ্মৰ প্ৰতিবাদ কৰিছে । সপোনৰো অগোচৰ এই সময়। প্ৰেমক বিশ্বাস নকৰা ৰাজীৱে জীৱনটোক নতুনকৈ বুজিবলৈ শিকিছে কিন্তু কি লাভ? এতিয়া যে বহু দেৰিহৈ গ'ল! ৰাজীৱে জীৱনৰ শেষ বয়সত কথাবোৰ উপলব্ধি কৰিছে । ছি:, সেইয়া কেনে পৌৰুষত্ব! এজনী অজলা নাৰীৰ ওপৰত সেয়া আছিল অন্যায়,অত্যাচাৰ। যেতিয়া সময় আছিল তেতিয়া অহংকাৰ আৰু টকাৰ গৰ্বত অন্ধ হৈ সি একো বুজিব নোৱাৰিলে।এইবোৰ কথা এতিয়া কাৰোৰে জীৱন আৰু সময়ৰ লগত একো সংলগ্নতা নাই, উশৃংখল কথাবোৰ পাগুলি থাকি দুচকু সেমেকি উঠিল ৰাজীৱৰ।"উস্ নিশিতা, কেনে আছা তুমি? কেনে আছে তোমাৰ মৰমৰ জীউজনী? মৃত্যুৰ আগমূৰ্হুতলৈ এই নিদাৰুণ স্মৃতিবোৰে খহাই পেলাব মোৰ পৌৰুষত্বৰ সকলো অহংকাৰ। অচিন পোকৰ দংশনত ক্ষত-বিক্ষত হ'ব মোৰ অন্তৰআত্মা।" মানুহে এনেই নকয় "আৰ্জিলে ফল ভুঞ্জিবলৈ পায়।" কালচক্ৰই এই জীৱনৰ কৰ্মফল ৰাজীৱক হাতে হাতে দিছে। "যাৰ কোনো নাথাকে তাৰ ভগৱান থাকে" বুলিও প্ৰবাদ আছে। আজি যেন ৰাজীৱৰ সন্মুখত এইটোও চিৰসত্য বুলি প্ৰমাণ হৈছে। নিশিতাৰ প্ৰতি টোপাল নীৰৱ অশ্ৰুৰ হিচাপ স্বয়ং সৃষ্টিকৰ্তাই ৰাজীৱৰ পৰা আদায় কৰিছে।
ঘড়ীটোৱে তিনিবজাৰ উমান দিলে। বিচনাৰ কাষতে থকা পানী জাৰটোৰ পৰা পানী এগিলাচ খাই ৰাজীৱ আকৌ নিৰ্বিকাৰ হৈ শৰ দৰে বিছনাখনতে পৰি থাকিল। কেতেকী চৰাইটোৱে হয়তো ৰাতিৰ অন্ধকাৰ গিলি উৰি গ'ল বহু দূৰলৈ। কেতেকীৰ দৰদী বিননিয়ে বিষাদগন্ধ আন এটা পুৱাৰ বতৰা দি থৈ গ'ল ৰাজীৱক। নিশিতা এতিয়া ৰাজীৱৰ অৱচেতন মনৰ লগৰী। কালিলৈ তাৰ জন্মদিন। জন্মদিন পালন কৰিব লাগে বুলি কোনোদিন অনুভৱ কৰা নাই ৰাজীৱে। সুখ হওক কিম্বা দুখ, প্ৰতিদিনে ডিঙিলৈকে মদ এসোপা গিলি দিয়াৰ পাছত প্ৰতিটো দিনেই হৈ পৰে ৰাজীৱৰ বাবে বিশেষ দিন। গতিকে পত্নীয়ে কৰা পূজা -অৰ্চনা,প্ৰসাদ, ক্ষীৰৰ আয়োজন ৰাজীৱৰ চকুত অপ্ৰয়োজনীয়। তাৰ মতে তাৰ প্ৰতি কৰা প্ৰতিটো কামেই নিশিতাৰ দৰে অৰ্থহীন নাৰীৰ টাইম পাছৰ অৱলম্বন। ৰাজীৱে নিশিতাক যিমানে বেয়া ব্যৱহাৰ কৰিলেও যিমানেই শাৰীৰিক মানসিক যাতনা দিলেও তাই পত্নীৰ কৰ্তব্য সদায় পালন কৰিছিল। ৰাজীৱৰ টোপনি যোৱাৰ পাছত ৰাতিটো ইচাত-বিচাত কৰি থাকি কাহিলী পুৱাতে উঠি ঘৰৰ কাম বন কৰাৰ বিনিময়ত নিশিতাই একো আশা কৰা নাছিল।পুৱা-গধূলি গোঁসাই থাপনাত চাকি জ্বলাই মাথোঁ অপেক্ষা কৰিছিল ভাল দিনৰ। নিশিতাৰ মনেও হয়তো বহুত কিবা-কিবিয়েই বিচাৰিছিল,কিন্তু নোপোৱাৰ যন্ত্ৰণা খিনি চিঞৰি-বাখৰি তাই প্ৰকাশ কৰিব নাজানিছিল। কাৰ আগত প্ৰকাশ কৰিব তাইৰ অতৃপ্ত হৃদয়ৰ যাতনা? ৰাজীৱৰ অত্যাচাৰৰ প্ৰতিবাদত যাবনো ক'লৈ? মাক-দেউতাক নোহোৱা ঘৰখনলৈ ককায়েক -নবৌয়েকক ভৰষা কৰি উভটি যাব কেনেকৈ? ৰাজীৱে মদ খাই বুলি জনাৰ পাছতো ককায়েকে বিয়া দি পঠালে আৰু সেই ঘৰত তাই স্থান বিচাৰি যাবনে? ঘৰলৈ উভটি যোৱাৰ কথা তাইৰ সপোনৰো অগোচৰ। ক'ৰবালৈ গুচি যাবলৈও চাকৰি বা টকা-পইছা তাইৰ হাতত একোৱে নাই। ৰাজীৱৰ কাৰণেই তাই এতিয়া দুবেলা দুঁসাজ খাই জীয়াই থাকিবলৈকে হৈছিল। মানসিক যন্ত্ৰণাতকৈ ভোকৰ যন্ত্ৰণা কম, তথাপি নাখাই আত্মহত্যা কৰি জীৱনটো শেষ কৰা জানো বিকল্প হয়? নিশিতাৰ মন নাযায় মৃত্যুক আকোৱালি ল'বলৈ। তাই অপেক্ষা কৰে তাইৰ জীৱনৰ সুদিনলৈ।
পূজা বিহুত ৰাজীৱ গাঁৱৰ ঘৰলৈ গৈছিল। ৰাজীৱে লগত নিশিতাকো লৈ গৈছিল। শাহুৱেকে নিশিতাক খুউব মৰম কৰিছিল। খীণাই শুকাই গৈছে বুলি মাছ-মাংস অকণ বেছিকৈয়ে দিছিল। সংসাৰত কাৰোবাৰ অকণমান মৰম পাই নিশিতাৰ চকুত বিৰিঙিছিল সন্তুষ্টিৰ চকুলো। চকুলোৰো যে কিমান মহত্ব! এই চকুলো খিনিৰ আধাৰতেইতো তাই জীয়াই আছে। দুখ খিনি চকুলো হৈ ওলাই নহা হ'লে তাই ইমান দিনে নিশিতা হৈ নাথাকিলহেঁতেন। তাইৰ নিজলৈ হাঁহি উঠে। সুখ কি পাহৰি যোৱা নিশিতাই ভাৱে সুখত কান্দিব পোৱা জন কম ভাগ্যবাননে? তাইৰ ভাগ্যত সুখ লিখিবলৈ বিধাতাই হয়তো পাহৰিলে। নিশিতাৰ ডায়েৰীখন নোপোৱা হ'লে ৰাজীৱে নিজৰ জীৱনৰ বিষয়ে বহু কথাই নাজানিলেহেতেঁন। এতিয়াও আগৰদৰেই মদাহী হৈ থকা হ'লে ৰাজীৱ শান্তিৰে মৰিব পাৰিলেহেঁতেন। কিন্তু ভগৱানে তেনে হ'বলৈ নিদিলে। কি এক ভয়াবহ বেমাৰ তাৰ শৰীৰত ধৰা পৰিল! কোনো ডাক্তৰী চিকিৎসা নাই। এতিয়া যে মদ খালেই তাৰ তেজ বমি হয়, গতিকে ডাক্তৰে মদ খোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। অকলশৰীয়া ৰাজীৱৰ লগত চোৱা-চিতাৰ বাবে ল'ৰা এজন থাকে। গাঁৱত থকা মাক-দেউতাকো কেতিয়াবাই বৈকুণ্ঠগামী হ'ল। লক্ষ্মীযেন বোৱাৰীজনীক ঘৰৰ পৰা ওলাই যাবলৈ দিয়াত তেওঁলোকেও ৰাজীৱক বেয়া পায়ে গ'লগৈ। তাৰ বেমাৰটো সকলোৰেই অভিশাপৰেই ফল।
নিশিতাৰ দৰে নহয় সি, হ'বই নোৱাৰে। ৰাজীৱে দেৰিকৈ বুজিলে নিশিতা জনী একক আৰু অনন্যা আছিল। তাক সন্মান,মৰম আৰু যত্ন লোৱা পৃথিৱীৰ একমাত্ৰ মানুহ। তাৰ দীৰ্ঘায়ুৰ বাবে দীঘলকৈ শিৰত সেন্দুৰ লোৱা,তাৰ সুস্বাস্থ্যৰ বাবে ভগৱানৰ থাপনাত চাকি জ্বলোৱা নিশিতা আছিল ৰাজীৱৰ সৌভাগ্যৰ উৎস।
"উস্ নিশিতা, নিশিতা! খুউব মনত পৰে তোমালৈ আজিকালি। মৌন ওঁঠ, সজল চকু আৰু তোমাৰ ভয়াৰ্ত চাৱনি। দেখিবলৈ সুন্দৰী নহ'লেও মৰমলগা আছিল তোমাৰ ঘূৰণীয়া মুখখন। তুমি একেলগে থকা অৱস্থাত কেতিয়াও অনুভৱ নকৰিলোঁ এই কথা।" হুকহুকাই কান্দি উঠে ৰাজীৱ। তাৰ যৌৱনৰ সকলো মৰম ঢালি ভালপোৱা অসমীয়ে তাক যিদিনা বিশ্বাসঘাটকতা কৰিলে, সেইদিনাৰ পৰাই ছোৱালীৰ প্ৰতি তাৰ মনোভাৱ সম্পূৰ্ণ সলনি হৈ পৰিল। তেতিয়াৰ পৰাই বলিয়াৰ দৰে মদ খাবলৈ ধৰিলে। ঘৰৰ পৰা চাই বিয়া পাতি দিয়া নিশিতাক সি কোনোদিনেই প্ৰেমিকা বা পত্নীৰ স্থান দিব নোৱাৰিলে। অসমীৰ প্ৰতি থকা মৰমবোৰ বিহ হৈ নিশিতাৰ জীৱন বিষময় কৰি তুলিলে। নিশিতাৰ এসময়ত ছোৱালী এজনী জন্ম হ'ল, ছোৱালীৰ প্ৰতি থকা খং, ঘৃণাবোৰ যেন দুগুণে বাঢ়িল। পুত্ৰ সন্তান কামনা কৰা ৰাজীৱ হতাশাত আৰু বেছি উগ্ৰ হৈ পৰিল। আনফালে সন্তানৰ মমতাই মাতৃহৃদয় তোল-পাৰ লগালে। ইমান দিনে সহ্য কৰি অহা কষ্ট খিনিৰ পৰা কণমানিজনীক উদ্ধাৰ কৰিবলৈ মাতৃহৃদয় দৃঢ় হ'ল। এদিন নিশিতাই ৰাজীৱৰ নৰকপুৰীৰ পৰা ওলাই যাবলৈ ডিভোৰ্চ বিচাৰিলে। ৰাজীৱে লগে লগে সন্মতি জনোৱাত খুউব কম দিনৰ ভিতৰতে সিহঁতি এৰা-এৰি হ'ল। নিশিতাই বিদায় পৰত ক'লে- "আপুনি ভালকৈ থাকিব, ভাল দিনৰ অপেক্ষাত আছিলোঁ যদিও সেইদিন মোৰ জীৱনলৈ নাহিল। মদখোৱাতো এৰি স্বাস্থ্যৰ যতন ল'ব। পত্নী ধৰ্ম পালন কৰাত মই ব্যৰ্থ হ'লো। এতিয়া মাতৃধৰ্ম পালন কৰিবলৈ ওলাইছোঁ, আৰ্শীবাদ কৰিব যাতে সফল হওঁ।"
এটা আহিনৰ আবেলি ৰাজীৱৰ ভৰি চুই কোলাত ছয়মহীয়া কন্যা সন্তানটিক লৈ নিশিতা ওলাই গুছি গৈছিল। ৰাজীৱে সেইদিনা একো কোৱা নাছিল, সিহঁত যোৱাৰ পৰা বহু ৰাতিলৈ মদ চিগাৰেটৰ মাজত নিজক ব্যস্ত কৰি ৰাখিছিল। সেইদিনাৰ পৰা আৰু বেছি অশৃংখল হৈ পৰিছিল ৰাজীৱৰ জীৱন। নিশিতা বা তাইৰ ছোৱালীজনী ক'ত আছে কেনেকৈ আছে ৰাজীৱে খবৰ ল'বলৈ চেষ্টাও কৰা নাছিল। কথাবোৰ পাগুলিয়াই থাকোতে বাহিৰৰ আকাশত ধলফাট দিলে। ৰাজীৱে পেং ডালত ভৰ দি বাথৰুমলৈ যাবলৈ যত্ন কৰিলে।
ডাঃ নিশিস্মৃতা চৌধুৰী, চহৰলৈ নতুনকৈ আহিছে। নামটো কেইবাজনৰ মুখত শুনিছে। বন্ধুৰ পৰামৰ্শ মতে ৰাজীৱেও নতুন ডাক্তৰক লগ ধৰি বেমাৰৰ ঠিকনা বিচাৰিবলৈ পুৱাই আহি ডাক্তৰৰ চেম্বাৰত শাৰী পাতিছেহি । চেম্বাৰত সোমাই ৰাজীৱ অপ্ৰস্তুত হৈ পৰিল। এয়া কি?ৰাজীৱে এয়া কি দেখিছে? নিশিতাৰ দৰে একেই চেহেৰা,একেই হাঁহি, একেই সৰলতা। আত্মগ্লানিত আকৌ দগ দগ হৈ উঠিল এসময়ৰ অমানুহ ৰাজীৱ চৌধুৰী। মাতৃ নিশিতাৰ শ্ৰম আৰু ত্যাগৰ শ্ৰেষ্ঠ উদাহৰণ তেনেহ'লে আজি ৰাজীৱৰ চকুৰ আগত। ৰাজীৱ চৌধুৰীৰ অহংকাৰৰ ওপৰত দিয়া নিশিতাৰ এয়া মৌনতাৰ অস্ত্ৰাঘাট। নিশিতাই নিজকে প্ৰমাণ কৰিলে। নিশিতা জয়ী হ'ল।
-"হেল্ল' আংকল, কি সমস্যা আপোনাৰ কওঁক?"
ৰাজীৱে উদ্বিগ্নতাৰে সুধিলে
-"আপুনি নিশিতা চৌধুৰীৰ ছোৱালী নেকি? "
-"হয় আংকল। আপুনি মাক জানিছিল নেকি? মোক মাৰ বিষয়ে অলপ ক'ব নেকি? "
ৰাজীৱ আকৌ অপ্ৰস্তুত হৈ পৰিল। কপালেৰে ঘাম নিগৰিল। কি ক'ব নক'ব ভাৱি পাৰ পোৱা নাই। নিজৰ সন্তানক চকুৰ সন্মুখত দেখি আনন্দৰ দুধাৰি চকুলো বৈছে। আকৌ সেই মৃদু মধুৰ মাতৰ গৰাকীয়ে ৰজীৱচৌধুৰীক জোকাৰি সুধিলে- "এনিথিং ৰং আংকল?"
"আপোনাৰ মাৰ কথা মনত পৰি গৈছিল।আপোনাৰ মা মোৰ পুৰণি বান্ধৱী আছিল। বহু বছৰ তেওঁৰ সৈতে দেখা সাক্ষাৎ হোৱা নাই। এতিয়া আপোনাৰ মা কেনে আছে ?"
"বৰ্তমান মোৰ মা এই পৃথিৱীত নাই। মাৰ স্মৃতি বিচৰি মাৰ জন্মস্থানলৈ আহিছোঁ।
নিজ জী আৰু পত্নীক সন্মান কৰিব নজনা অসহায় মানুহজন হৰ্ঠাৎ মাটিত ঢলি পৰিল।
নিশিস্মৃতাই চিঞৰিলে -"ইমাৰজেঞ্চি, ইমাৰজেঞ্চি।" তৎক্ষণাৎ নাৰ্চকেইজনীও দৌৰি আহিল সেই ঠাইলৈ।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment