অসহায়ৰ আহ্বান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

অসহায়ৰ আহ্বান


 অসহায়ৰ আহ্বান


ৰিজু মণি বৰা

নগাঁও


    গাওঁখনৰ মূৰত থকা বাঁহনিখনৰ কাষতে এটি সৰু মাটিৰ ঘৰ। টিনৰ চালখনৰ বহু ঠাইত ফুটা, বৰষুণ দিলেই ঘৰৰ ভিতৰত টোপটোপকৈ পানী পৰে। সেই ঘৰখনতেই বাস কৰিছিল ৰেৱতী আৰু তাইৰ দহবছৰীয়া জীয়েক মীৰা।

ৰেৱতীৰ জীৱনটো কোনোদিনেই সহজ নাছিল। ছোৱালী অৱস্থাত মাহীমাকৰ পৰা পোৱা শাৰীৰিক-মানসিক নিৰ্যাতন আৰু বিয়া হোৱাৰ পাছত শহুৰেকৰ ঘৰখনৰ পৰা পোৱা অত্যাচাৰ ।শহুৰেকৰ ঘৰত শহুৰ শাহুৰৰ লগতে বৰজনা আৰু ননদ সকলৰ পৰা পোৱা বিভিন্ন অত্যাচাৰৰ বাবে ৰেৱতী আৰু তাইৰ গিৰিয়েকে বেলেগ হৈ গাৱঁৰ মূৰত সৰুকৈ ঘৰ এটা সাজি থাকিব লগীয়া হৈছিল।গিৰিয়েকে কাঠ মিস্ত্ৰীৰ লগত যোগালিৰ কাম কৰিছিল তেনেকৈয়ে সিহঁত কোনোমতে চলি আছিল।কিন্তু দুৰ্ভগীয়া ৰেৱতীৰ জীৱনৰ পৰা সেই সুখকণো যেন কাঢ়ি নিলে।কন্যা সন্তান এটি জন্ম হোৱাৰ দুবছৰৰ পাছতেই গিৰিয়েক হৰেণ হঠাতে বেমাৰ হৈ মৃত্যু মুখত পৰে। সেইদিনাৰ পৰা যেন সমগ্ৰ আকাশখনেই ভাঙি পৰিছিল তাইৰ মূৰত। বুকুৰ মাজত কেঁচুৱাটিক লৈ তাই অসহায় হৈ পৰিছিল।

বংশ-কুটুম্বে প্ৰথমে তাইক অলপ সহায় কৰিছিল যদিও দিন বাগৰাৰ লগে লগে সেই সহায়ো নোপোৱা হ'ল। ৰেৱতীৰ জীৱনত আৰম্ভ হ’ল যেন এক অন্তহীন সংগ্ৰাম।

পুৱা হওঁতেই তাই কণমানিজনীক কোলাত লৈ আনৰ ঘৰত কাম কৰিবলৈ ওলাই যায়। কাৰোবাৰ ঘৰত বাচন ধুৱে, কাৰোবাৰ ঘৰত কাপোৰ। কেতিয়াবা আকৌ ধান শুকুৱায়, ঘৰ মচে আদি বিভিন্ন কাম কৰে। দিনটোৰ শেষত হাতত পায় মাত্ৰ কেইটামান টকা। সেই টকাৰে চাউল, নিমখ কিনি কোনোমতে চলিছিল।

কিন্তু ইমান কষ্টৰ মাজতো ৰেৱতীৰ এটা সপোন আছিল—

“মোৰ ছোৱালীজনী এদিন ডাঙৰ মানুহ হ’ব। পঢ়ি-শুনি নিজৰ ভৰিত থিয় হ’ব।”

লাহে লাহে মীৰা ডাঙৰ হ'ল।ওচৰৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় এখনত তাই পঢ়ে।পঢ়াৰ প্ৰতি তাইৰ ধাউতি দেখি স্কুলৰ শিক্ষকে প্ৰায়ে ৰেৱতীক কৈছিল— “তুমি ছোৱালীজনীৰ পঢ়াত ভালকৈ গুৰুত্ব দিবা,ভালকৈ পঢ়ালে তাই ভাল মানুহ হ’ব এদিন।”

সেই কথাবোৰ শুনিয়েই ৰেৱতীৰ চকুত যেন আশাৰ কিৰণ জিলিকি উঠিছিল।

গাঁওখনত এজন ধনী ব্যৱসায়ী আছিল—মহাজন পুনাৰাম বৰুৱা। ডাঙৰ ঘৰ, টকাৰ অভাৱ নাই। ৰেৱতীয়ে মাজে মাজে তেওঁৰ ঘৰতো কাম কৰিছিল। পুনাৰামৰ ঘৈণীয়েক মীনাক্ষী এগৰাকী সৰল আৰু দয়ালু তিৰোতা আছিল। তাই কেতিয়াবা পুৰণি কাপোৰ, চাউল-দাইল বা জীয়েকৰ বাবে বিস্কুট দি পঠাইছিল।

   কিন্তু মহাজনৰ চকু আছিল ৰেৱতীৰ শৰীৰটোৰ ওপৰত।ৰেৱতী যেতিয়া অকলে ঘৰৰ চোতালত কাপোৰ মেলি থাকে বা পিছফালে কুঁৱাৰ পৰা পানী তোলে, তেতিয়া মহাজনে চকুৰে  তাইক অশ্লীল ইংগিত দি থাকে।কেতিয়াবা তাই কাম কৰি থাকিলে পিছফালৰ পৰা পিঠিখন চুবলৈ বিচাৰে,হাতত ধৰে। তাই সকলোবোৰ বুজিছিল কিন্তু অভাৱৰ বাবে কামটো এৰিবও পৰা  নাছিল সেয়ে তাই সদায় নিজকে বচাই চলিছিল।তাই কেইবাবাৰো মহাজনৰ ঘৈণীয়েকক কথাটো ক'ব বিচাৰিছিল কিন্তু কি ক'ব,যদি ঘৈণীয়েকে তাইকে ওলোটাই ভুল বুজে নহ'লে তাইক যদি কামৰ পৰা এৰোৱাই দিয়ে  তেতিয়া তাই কেনেকৈ চলিব সেইবুলি ভাবিয়েই তাই থমকি ৰৈছিল।

এদিন সন্ধিয়া মীনাৰ গাটো অলপ অসুস্থ হৈছিল। প্ৰথমে সাধাৰণ জ্বৰ বুলি ভাবি ওচৰৰ ফাৰ্মাচীৰ পৰা ঔষধ আনি খুৱাইছিল। কিন্তু জ্বৰ নকমিল। দিন যোৱাৰ লগে লগে মীনাৰ অৱস্থা বেছি বেয়া হৈ আহিল।

খাব বব নোৱাৰা হৈছিল, সঘনাই বমি কৰিছিল আৰু মাজে মাজে উশাহ ল’বলৈও কষ্ট পাইছিল।তাইৰ এনে অৱস্থা ৰেৱতীয়ে কেনেকৈ চাই থাকে সেয়ে ৰেৱতীয়ে ওচৰৰ হস্পিতাললৈ মীনাক লৈ গ’ল। ডাক্তৰে কিছু পৰীক্ষা কৰি ক’লে— "ছোৱালীজনীৰ কণ্ডিচন অলপ ছিৰিয়াছ ,তাইৰ জণ্ডিচ বহুত বেছি হৈ গ'ল গতিকে তাইক উন্নত চিকিৎসাৰ বাবে  তৎক্ষণাত গুৱাহাটী নিব লাগিব।আপুনি  সোনকালে তাইক গুৱাহাটী নিয়াৰ ব্যবস্থা কৰক।”

“কিমান টকা লাগিব চাৰ?” — কঁপা কঁপা কন্ঠৰে সুধিলে ৰেৱতীয়ে।

“কমেও ত্ৰিশ হাজাৰ।”

কথাটো শুনি যেন তাইৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গ'ল। ত্ৰিশ হাজাৰ! তাইৰ বাবে সেয়া যেন আকাশ চুবলৈ কোৱাৰ দৰে।

হস্পিতালৰ বাৰাণ্ডাত বহি তাই হুকহুকাই কান্দিবলৈ ধৰিলে আনফালে মীনা বেডত পৰি আছিল। জ্বৰতে তাই অচেতন হৈ আছিল।

হঠাতে  মহাজনৰ কথা তাইৰ মনলৈ আহিল।

“হয়তো তেওঁ সহায় কৰিব…”

ক্ৰমে বেলিটো ডুব যাবলৈ ধৰিছে। আকাশত আন্ধাৰে  বাট বান্ধিছে। ৰেৱতীয়ে লৰালৰিকৈ মহাজনৰ ঘৰলৈ গ’ল।

ঘৰৰ ভিতৰত মহাজন অকলে বহি টিভি চাই আছিল। ঘৈণীয়েক মাকৰ ঘৰলৈ যোৱা তিনিদিন হ’ল।

ৰেৱতীয়ে ভিতৰ সোমায়েই তেওঁৰ ভৰিত ধৰি কান্দিবলৈ ধৰিলে— “মহাজন, মোৰ ছোৱালীজনীক বচাৱক। তাইৰ গা বহুত বেয়া,তাইক গুৱাহাটীলৈ নিব লাগে। মোৰ হাতত এটা টকা নাই। ডাক্তৰে তাইৰ চিকিৎসাৰ বাবে প্ৰায় ত্ৰিশ হাজাৰ টকা লাগিব বুলি কৈছে,আপুনি মোক ত্ৰিশ হাজাৰ টকা ধাৰলৈ  দিব পাৰিব নে। মই কাম কৰি লাহে লাহে ঘূৰাই দিম।”

পুনাৰামে বেঁকাকৈ হাঁহি এটা মাৰি তাইলৈ চাই ক'লে-

“তই মোক টকা কেনেকৈ ঘূৰাবি ৰেৱতী? তোৰ নিজৰে খাবলৈ নাই।”

ৰেৱতীয়ে কঁপি কঁপি ক’লে— “মই বেছিকৈ কাম কৰিম… প্ৰয়োজন হ'লে ওৰে জীৱনটোৱে দিনে ৰাতিয়ে কাম কৰিম আপোনাৰ ঘৰত।”

মহাজনে লাহে লাহে উঠি তাইৰ কাষলৈ চাপি আহিল।তাইৰ বাহুত স্পৰ্শ কৰি ক'লে-

“টকা মই এনেই দিম তোক… কিন্তু তাৰ বিনিময়ত তই মোক বেলেগ কিবা এটা দিব লাগিব।”

ৰেৱতীয়ে আচৰিত হৈ মহাজনলৈ চালে।

মানুহজনে লাহেকৈ তাইৰ কাণৰ ওচৰত ক’লে— “আজি ৰাতিটো মোৰ লগত থাকিব লাগিব।বহুত দিনৰ পৰা মোৰ এটা হেঁপাহ আছিল,তোৰ দেহাটো চুই চাবলৈ,তোক অলপ মৰম কৰিবলৈ”

মুহূর্ততে যেন সকলো থমকি ৰ'ল।

ৰেৱতীৰ কাণত শব্দবোৰ বজ্ৰপাতৰ দৰে বাজিল। বুকুখন কঁপি উঠিল। তাই মহাজনৰ হাতখন উচাট মাৰি এৰুৱাই তাই ক'লে -"এইবোৰ আপুনি কি কৈছে,মই দুখীয়া হ'ব পাৰো কিন্তু বজৰুৱা নহয়।আজি বিপদত পৰিছোঁ বাবেহে আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আপুনি তাৰ সুবিধা ল'ব বিচাৰিছে।"


মহাজনে আকৌ ক’লে— “ভাবি চা। তোৰ সিদ্ধান্ততেই তোৰ ছোৱালীৰ জীৱন ৰক্ষা পৰিব নহ'লে কি হ'ব তই বুজি পাইছ চাগে ।”

ৰেৱতীয়ে হুকহুকাই কান্দি মজিয়াতে বহি পৰে আৰু তাই চিঞৰি চিঞৰি ক'বলৈ ধৰে - হে প্ৰভু মই এতিয়া কি কৰোঁ ? এফালে মৃত্যুৰ সৈতে যুঁজি থকা মোৰ ছোৱালী… আনফালে মোৰ সতীত্ব-মই কোনটো ৰক্ষা কৰোঁ!ভগৱান তুমি মোৰ এয়া কি পৰীক্ষা লৈছা,মই কি কৰোঁ।আজি মানুহটো জীয়াই থকা হ'লে আমাৰ এনে অৱস্থা নহ'ল হয় বুলি কান্দি কান্দি ৰেৱতী মজিয়াতে ঢলি পৰিল ।"


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages