অভাৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

অভাৱ

 

অভাৱ 


জিতামণি গোস্বামী

চামগুৰি, নগাওঁ


অ’ খুৰী খুৰী কেইটা বাজিল অ’?

মলয়া হঁতৰ ঘৰত সময়টো চাবলৈ ঘড়ী এটাও নাই।

অভাৱে জুৰুলা কৰা ঘৰখনত চাৰিটাকৈ ল’ৰা-ছোৱালী পঢ়ুৱাই শুনুৱাই মৌলিক প্ৰয়োজন কেইটা যোগাৰ কৰিবলৈকে মাকৰ বাবে সমস্যা হৈ পৰে।

লোকৰ ঘৰত কাম কৰি কেইটকানো পায়। তাৰে ৰাতিৰ সাঁজৰ যোগাৰ টো হয় হে যেনেতেনে।

স্কুললৈ ওলাই যোৱা সময়কনত বৰ সমস্যা হয়। ঘৰ খনত ঘড়ী এটা নোহোৱাৰ বাবে।

   অৱশ্যে স্কুল যোৱা সময়ত প্ৰত্যেক ঘৰৰ ৰেডিঅ’বোৰ ডাঙৰ ডাঙৰ কৈ লগাই থয় কাৰনে আঞ্চলিক বাতৰি টো দিয়া শুনিলেই সিহঁত স্কুল লৈ ওলাই যায়। কিন্তু তাৰ আগৰ সময় খিনি মিলাবলৈ সমস্যা হয়।

   সেয়ে কাষৰ ঘৰৰ খুৰী গৰাকীকে সময় টো সুধিলে মলয়াই।

খুৰীয়েকে তপৰাই উত্তৰ দিলে “মাৰক সুধিবি চোন ৰেডিঅ’ টো বেচো লয় নেকি?”

মলয়াৰ আৰু বুজিবলৈ বাকী নেথাকিল। মাকে কথাষাৰ শুনি ও একো নেমতিলে। মলয়াহঁত স্কুললৈ যোৱাৰ পিছত মাক সদায় বেলেগৰ ঘৰত কাম কৰিবলৈ যায়। হাজিৰা পায় মাথোঁ বিশটকা। মনে মনে ভাবিলে ঘড়ী এটাৰ দাম কমেও ১৫০টকা হ’ব। ক’ত পাব ইমান পইচা। তথাপি তেওঁ পুৱাৰ ঘটনাটো মানুহ ঘৰত ক’লে। ঘড়ী এটাৰ যে খুব প্ৰয়োজন তাকো ক’লে।

  মানুহ ঘৰৰ কলেজত পঢ়ি থকা ছোৱালীজনীয়ে মাক দেউতাকলৈ অপেক্ষা নকৰি মলয়াৰ মাকক ক’লে “খুড়ী  আপুনি চিন্তা নকৰিব। মই আপোনাক কাইলৈকে এটা ঘড়ী আনি দিম আপুনি লাহে লাহে পইচা টো দি থাকিলেই হ’ব”। মলয়াৰ মাকে যেন তাকে বিচাৰিছিল। মনটো কৃতজ্ঞতাৰে ভৰি পৰিল।

   মনতে ভাবিলে শিক্ষিত লোকে হে শিক্ষাৰ মোল বুজে।

পিছদিনা ঘৰলৈ ঘড়ী আহিল, মলয়া হতঁৰ বৰ ফুৰ্তি। মাকে ক’লে “এতিয়া তহঁতে সময়ৰ মূল্য ৰাখিব পৰাটোহে কথা”।

সিহঁতে সঁচাই সময়ৰ মান ৰাখিলে তিনিওটা সন্তানে উচ্চ শিক্ষাৰে শিক্ষিত হৈ স্বাৱলম্বী হ’ল।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages