নাৰীৰ নিজস্বতা নাই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

নাৰীৰ নিজস্বতা নাই

 

নাৰীৰ নিজস্বতা নাই 


                                    প্ৰিয়ংকা পেগু


নাৰীৰ কোনো নিজস্বতা নাই 

না ঘৰৰ না পৰৰ....

নাই কোনো চিন্তাৰ নিজস্বতা

নাই কোনো চকুলোৰ নিজস্বতা ।


নাৰীৰ কোনো নিজস্বতা নাই 

না কোনো আবেগৰ নিজস্বতা

না কোনো সপোনৰ নিজস্বতা

নিজানত বহি চকুলো টুকাৰো নিজস্বতা নাই।


চকুলো লুকুৱাই ৰঙা পৰা 

চকুহালৰো নিজস্বতা নাই 

শোকৰ খুন্দাত ভাঙি পৰা

কলিজাটোৰো নিজস্বতা নাই ।


অন্তৰৰ চন্দুকত কিমান পৰিমাণৰ দুখ জমা হ’লে

আৰ্তনাদ হৈ চিটিকি পৰে চুবুৰী

কলিজাই কিমান পৰিমাণৰ নিঃসংগতাৰ উমান পালে

অন্তৰ্দ্ধান হৈ পৰে ওঁঠৰ হাঁহিটি.....?


নাৰীৰ কোনো নিজস্বতা নাই 

আছে মাথো খলপা খলপে জমা হোৱা

ভিন্ন স্বাদৰ বেদনাৰ ব্যঞ্জন 

যাৰ সতে হয় মোৰ অহৰহ আলিঙ্গন।।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages