গতানুগতিক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

গতানুগতিক

 

গতানুগতিক 


                       বিশ্বজিৎ গগৈ


গছবোৰ ওখ হোৱাৰ কথা, শব্দবোৰ গান

বাষ্পবোৰ ডাৱৰ হৈ বৰষুণৰ পানী হোৱাৰ কথা; 

এন্ধাৰ কুটি পোহৰ চোৱাৰ তীব্র বাসনাত নিশাৰ পখী।

খোজত ধূলি উৰা সময়বোৰেই, গুৰোহা পিছলা বুকুত

বসন্তৰ গোলাপ চুমি শৰতৰ শেৱালি হৈ সৰে।


মই -তই, আমি হোৱাৰ কথাবোৰ 

মোৰ-তোৰ, আমাৰ পৰিচয়বোৰো 

আমাৰ গুচি মোক কৰি মাৰে, তোৰ কৰি ৰাখে।

দিন গুচি ৰাতি হোৱাৰ দৰে....

কুটা গুঁঠি টুকুৰাই বুকুৰ পোৱালীকে খেদে 

আমি হোৱাৰ আশাতেই আমাৰ ঘৰো ভাঙে।


এই যে কথাবোৰ মোৰ ৰন্ধে ৰন্ধে প্রবাহিত... 

ডাঙৰ হোৱাৰ কথা, আমি হোৱাৰ কথা 

অৱধাৰিত কিছু বুকুৰ ঠিকনা।

কি আছে তাত?... মিছা কল্পনা!

দুবৰীত সুখ-দুখৰ নিয়ৰ মুকুতা;

মৃত্যুৰ বাবেই দেখোন ভঙা-পতা জীৱন জীয়াইছোঁ.... গতানুগতিক।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages