নদী হৈ বৈ যাম খুজোঁ
মেজং বাবুল মেদক
নদী হৈ বৈ যাম খুজোঁ তোমাৰ মৰমৰ পিনে,
জোনাকী নিশাৰ সপোন হৈ ৰম তোমাৰ চিনে।
বতাহৰ সুৰত কওঁ হিয়াৰ নীৰৱ কথা,
তুমি থাকিলে জীৱন লাগে ফুলে ভৰা পথা।
তোমাৰ চকুত বিচাৰোঁ মই সুখৰ এখন দেশ,
তোমাৰ হাঁহিত পাম যেন বসন্তৰ আবেশ।
নদী হৈ বৈ যাম খুজোঁ তোমাৰ হৃদয়ৰ কাষে,
জীৱনৰ শেষ খোজলৈ থাকিম তোমাৰ আশে-পাশে।
Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:
Post a Comment