বিস্তীৰ্ণ হৃদয়
এন ডি হিল্লোল ভৰদ্বাজ
কেনভাছ অথবা চিত্ৰকল্প,
পানবজাৰত উক্মুকনি
উশাহ ল’বলৈ আহৰি নাই,
নিৰন্তৰ চলাচল,
জীয়া অসম হাতৰ তলুৱাত
বাংময় হাঁহিৰে সজীৱ,
এশ পঁচিশ বছৰ গৰকিল
নাই ক্লান্তি, নাই বিনোদন
জীৱন গঢ়াৰ হেতু ত্যাগবীৰ
প্ৰণাম হে শিক্ষানুষ্ঠান;
প্ৰজ্ঞাৰে কতজনক গঢ়িলা,
আশাবাদক নিৰাশাবাদত পৰিণত নকৰি
চহৰত সেউজ আঁচল মেলি
উন্মুক্তকৈ বুকুত ঠাই যাচিলা,
মহান ঐতিহ্য
জাতিৰ কলৰৱ,
উঠা,জাগা আৰু সফল হোৱা
তোমাৰ একমাত্ৰ মন্ত্ৰণা,
সৰগলৈ যোৱাটো নিৰৰ্থক,
ইয়াতে পাবা সৰগ,
মাথোন মন্থন কৰিবলৈ শিকা,
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment