ৰজিউলৰ দেশৰ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

ৰজিউলৰ দেশৰ কবিতা

 

ৰজিউলৰ দেশৰ কবিতা 


                              আব্দুৰ ৰহমান প্ৰামাণিক

                               কুৰ্শাকাটি, কোকৰাঝাৰ


মই প্ৰেমিক অকলশৰীয়া যাৰ প্ৰেমত মতলীয়া 

সেই দেশত প্ৰেম মূল্যহীন,

চিত্ত দহনে কৰুণ ৰোদনে মোৰ প্ৰেম 

কল্পনাৰ জগতত বিলীন!


ইহ জনম বিচ্ছেদত কাতৰ অভাৱ এটা মৌ-সনা মাতৰ 

প্ৰেমৰ সমাধি ভাঙিল,

জীবন বৃথা অকাল মৰণ 

এই নদীত দুখৰ তোৰণ 

সুখ চিৰতৰে আঁতৰিল।


ৰজিক পাবলৈ কত দেশ বিদেশত 

ঘূৰি ঘূৰি সুধিলো বহুবাৰ,

যদি তোমাৰ দেখা নাপাওঁ 

সেই বিৰহত মৰি যাওঁ 

ইতি পৰিব প্ৰেমৰ জোৱাৰ!


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages