বিষন্নতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

বিষন্নতা

 

বিষন্নতা


                নিৰুজ তামুলী ফুকন 

                              শিৱসাগৰ


সেই বাটেৰে গ’লে

চিনাকী সুবাস এটাই বেঢ়িকুৰি ধৰে

শেষ হৈও শেষ নোহোৱা সৰাফুলৰ পাপৰিবোৰ পৰি ৰয় বুকুৰ উপত্যকাত

সেয়ে যুগমীয়া তাড়ণাই মোক লৈ যায় আপোন ঘৰলৈ

শূণ্যতাৰ গ্ৰাহত পৰা ঘৰটোৰ প্ৰতিটো কোঠা, দুৱাৰ খিৰিকি, প্ৰতিজোপা গছ লতিকা, বাৰী চুকৰ  পুখুৰীত

মোৰ দুচকুৱে পিতপিতায়

ককাই তাহানিতে ঢাৰি বৈ মেলেঙৰ বজাৰত পোৱা টকা কেইটাই টিনপাত জিলিকাইছিল

বৰঘৰ, চৰাঘৰ আলহি অতিথিয়ে গিজগিজাইছিল

আইতাৰ হাতৰ দেওৰসৰ সোৱাদত গধূলিবোৰ পূৰঠ হৈ পৰিছিল

মজিয়াত বহি  আত্মীয়ই বিলাইছিল সৰলতাৰ আলাপ

এদিন টিনপাতৰ ঘৰটো শিল বালিৰ হ’ল

 মইয়ো পদূলি গচকি বোৱাৰী হ’লো 

শুৱনি কোঠাত জিলিকিল 

এমুঠি জোনাক 

দিনবোৰ এৰি এৰি দায়িত্ববোধৰ বুলনিৰে  চলি গ'ল জীৱন 

পোৱা-নোপোৱাৰে


সময় দুলিছিল 

সময়ৰ নিৰ্ণয় লৈ চহৰীয়া বতাহজাক মেৰিয়াই চহৰীয়া হ'লো

দুচকুত নদীখন লৈ এৰি আহিলো

আপোন ঘৰ

মোহটো শিপাৰপৰা এৰি নাহিল 

শূণ্য ঘৰত এটা তলা ওলমিল

বাটৰুৱাৰ মুখত বিৰিঙিল

 এৰাপলীয়া 

শব্দবোৰ কাহ পৰি জিন গ’ল


 মাজে মাজে  এতিয়াও পিতপিতাও ঘৰটোত

কুটুমে ইতিমধ্যে সোলোকাই পেলাইছে আত্মীয়তাৰ পোছাক

এতিয়া আত্মীয়, আপোন, ফুটুকাৰ ফেন

জটিলতাই দাহ কৰিলে সহমৰ্মিতাক

প্ৰতিযোগিতাৰ ভৰত ক্ৰমান্বয়ে আঁতৰিছে স্বাভিমানী মনবোৰ

কাৰণ এতিয়া সময়ৰ বিলাসী প্ৰৰোচনা উশাহে-নিশাহে।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages