সপোন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

সপোন

 

সপোন


              ববী কলিতা

    সুন্দৰীশাল, কামৰূপ


নাহিবা তুমি মোৰ ওচৰলৈ

চিকমিক পোহৰ লৈ,

আহিবা তুমি কাষলৈ মোৰ

জোনাকৰ পোহৰ হৈ।


নাভাঙিবা মোৰ হিয়াখনি

ধুমুহা বতাহ হৈ,

জুৰাবা মোৰ দেহ-মন

এচাটি মলয়া হৈ।


নাচাবা তুমি মোৰ হৃদয়খন 

কঠিন শিলৰ বুলি,

বৰফৰ টুকুৰা গলাদি গলিব

পিন্ধি মৰমৰ শিকলি।


নাভাবিবা তুমি মোৰ হিয়াখন

তাৰ বিহীন বীণা বুলি,

সুৰ তুলিব পাৰা সহজতে তুমি

বুলাই আঙুলি।


প্ৰতিটো ৰাতিয়ে আহিবা তুমি

সুন্দৰ বসন পিন্ধি,

ৰাখিম মই যতনেৰে তোমাক

কোমল হিয়াত বান্ধি।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages