নিচিঙা ফুলৰ বেণী
ৰাধেশ্যাম নাথ
আগিয়া, গোৱালপাৰা
সৃষ্টিশীল মানুহবোৰে
বেণী গঁথাৰ দৰে
গাঁথি আহিছে
শব্দৰ সুষমা
সুগন্ধি ফুলৰ দৰে
সুবাস বিলাই আহিছে
ৰং-বিৰঙৰ শাৰী শাৰী
পংক্তিৰে
নিচিঙা ফুলেৰে
মালা গাঁথিব বিচৰা
মানুহবোৰ
একো একোজন
কৃষক
মালীজন যেনেদৰে সুন্দৰৰ পূজাৰী
কৃষকজনো সেউজ খনিকৰ
তেওঁলোকে
সৃষ্টিৰ বাবেই
কালাতিপাত কৰি আহিছে
জীৱন মাধুৰী
সময়ৰ ঘড়ী
তেওঁলোকক ঘূৰাই দিব পাৰিলে ভাল আছিল
বৰ ভাল আছিল।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment