অধোদৃষ্টি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

অধোদৃষ্টি

 

অধোদৃষ্টি


                   শিৱ প্ৰসাদ ৰাভা হাদু

               ছাটাবাৰী, গোৱালপাৰা


মা! অ’ মা

নেপায়! নেপায়! ইমান তললৈ নামিব

দেহৰ সৰ্বচ্চ উজাৰি 

দুভৰি দাঙি 

নেলাগে নেলাগে ইমান দুষ্পূৰ

বিশ্বৰ আগত হাঁহিয়াতৰ পাত্ৰ 

সমগ্ৰ নাৰীজাতি লজ্জানত

আভৰণ খুলি লোকক দেখুৱাই 

যোগৰ নামত ইমান উদ্ভণ্ডালি৷

যোগাসন নহয় সহজলভ্য পূণ্য সামগ্ৰী 

কঠোৰ শ্ৰম ত্যাগ অভ্যাস নকৰি 

এদিনতে হ’ব খোজে লাখপতি 

তাৰ বাবেই এনেদশা নগুৰ-নাগতি৷

মা!আকৌ কৈছোঁ মা!

নেলাগে নেলাগে নামিব ইমান তললৈ 

দেহৰ সৰ্বচ্চ উজাৰি যোগ ব্যায়াম শৰীৰ চৰ্চা 

এদিনতে নহয় সিদ্ধি যদি নাথাকে বুদ্ধি 

লাখপতি কৌৰৰপটি হ’বলৈ কিয় খোৱা হাবাথুৰি 

দেহ-শৰীৰ-স্বাস্থ্য ভালে থাকিলে 

জগত জিনিব পাৰি ঘৰতে থাকি।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages