মানুহ মৰে কৈ –
অশোক ৰাম ভট্টাচাৰ্য্য
নগাঁও
মানুহ মৰে কৈ
চৰাই মৰে ৰৈ
বোবাৰ শত্ৰু নাই
কৰ্মীৰ মৃত্যু নাই
বহি খোৱাৰ মৃত্যু অনেক,
অসহায়ৰ বাবে কৈ
অন্যায় অসহিষ্ণু হৈ
মৰিবলৈ কিহৰ ভয়
মৃত্যু অনিবাৰ্য জানিবা নিশ্চয় —
কৈ কৈ মৰিবা নে
নে ৰৈ ৰৈ মৰিবা
নে নীৰৱ হৈ সংগোপনে?
ৰৈ ৰৈ নমৰিবা, কৰ্মই ধৰ্ম গীতাৰ বাণী
কৰ্মীৰ ভাত মুঠিৰ অভাৱ নাই
আকাশেই শেষ সীমা যাৰ
গহ্বৰতো বিৰাজমান জীৱন জীৱিকা।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment