ৰাজ ৰীতি
উজ্জ্বল স্মৰণ দত্ত
গড়গাঁৱৰ পিছল বাট
বুঢ়াকো নিচিনি ডেকাকো নিচিনি
হাতে হাতে লাখুটি পাত।
সাম - দাম - দণ্ড - ভেদ
পুৰাণৰ একেই পাতনি
বাজিলেই চাৰি চাপৰ বাই
লেখৰ লেখজোখ নাই।
ধৃতৰাষ্ট্ৰৰ দৰে মই
ভিতৰি কালকূট বাহিৰে অমৃত
বসন্তৰ কুলি হৈ লগাও
মাতৰ অমাতৰ মাত।
মোহিনীৰ ভেশ লও মই
নচাই নতজানু হৈ নাচে
তালি মাৰে তালত
অৰ্জুনৰ দৰে কথাই কথাই প্ৰতিজ্ঞাবদ্ধ মই।
সাগৰ শুকালেও মানিক লুকালেও
ঘূৰি ঘূৰি ঘূৰা
নগাচাঙৰ এটাই বাট।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment