ধুনীয়া চহৰখন
হীৰা দেৱী
পাঠশালা
ধুনীয়া চহৰখন আজিৰ দৰেই ধুনীয়া নাছিল
আছিল শস্য শ্যামলা
এখন ধুনীয়া ধৰণী
আলিবাট বোৰত ধূলি মাকতি,
গাত বোৰত ভেকুলীৰ টোৰ টোৰণি
চৌকাত জীয়া কাৱৈ মাছৰ নাচোন
পাটত খাৰ খাৰণিৰ সাজোন
ডালে ডালে পাতে পাতে
ব’হাগ ৰ বতৰা
হিয়াৰ একোণত নাচে
প্ৰেমৰ মালিতা
চহৰ খনত ধূনীয়া বোৰ
একাষৰীয়া হৈ পৰে
অৰ্ধ নিৰ্মিত দালান বোৰৰ আৰত
নগ্ন হয় এচাম পৰজীৱী
দুখৰ দিনত চহৰ খন শুই থাকে
নিমাত নীৰৱ জোনাক হৈ
সুখৰ বাবে বিচাৰে
ড্ৰয়িং ৰুমৰ গিলাচৰ ঝন ঝননি
ফুলবোৰ উৰি যায়
ফাগুনৰ পছোৱাৰ ৰাগি লাগি
হালধীয়া ডাষ্টবিনত পৰি ৰয়
অবৈধ প্ৰেমৰ অবুজ মন এটি
ধূনীয়া চহৰখন ৰ অবিনস্ত ধূনীয়া বোৰে
হৃদয়ত তোলে খলকণি।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment