ৰামলালে টুপী এটা পিন্ধিছে
দাদুল ভূঞা
গহপুৰ, বিশ্বনাথ
ৰামলালে টুপী এটা পিন্ধিছে
তাকে দেখি কোনোবাই চাহাব বুলি মাতিছে
সীয়নি ছিগা পেনটো পিন্ধি
সিদিনা সি পথাৰ এৰি ৰাজদৰবাৰলৈ গৈছিল
এৰিষ্টকেট ভাবনা এটা বুকত বান্ধি
শাৰী পাতি থিয় হৈছিল
সভ্যতাৰ দুৱাৰডলিত
ফিচিকা চোলাটোৰ পৰা বৈ অহা
পূতিগন্ধময় এন্ধাৰ চাকনৈয়াত
লুটিখাই পৰি ৰৈছিল দুৰ্বিসহ সময়
ধূসৰ ধূলি উৰুওৱা খোজবোৰ
ঠেলা-হেঁচাত
ক্ৰমশঃ হাউলি পৰিছল
ইউকেলিপটাছ গছৰ দৰে ওখ হ’ব খুজি
পথৰুৱা বাট এটি এৰি থৈ
ৰামলাল উভতি আহিছিল
প্ৰত্যাহ্বানৰ দুৱাৰ ফালি
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment