হাঁহিৰ আঁৰৰ এজন ল’ৰা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

হাঁহিৰ আঁৰৰ এজন ল’ৰা

 

হাঁহিৰ আঁৰৰ এজন ল’ৰা


                                   অভিনাশ ৰাজবংশী 

                                              গৌৰেশ্বৰ 


ব্যস্ত চহৰৰ এই কোলাহলৰ মাজেদি,

খোজ কাঢ়ে একোটা দীঘলীয়া বাট লৈ, 

বুকুত বান্ধি হাজাৰটা অপূৰ্ণ সপোন, 

যিবোৰ কেতিয়াও কাকো নকয়গৈ।


পৰিয়ালৰ আশা, সমাজৰ হাজাৰটা প্রশ্ন, 

আৰু কান্ধত এক গধুৰ দায়িত্বৰ বোজা, 

লৰা হোৱাৰ বাবেই চাগে ইমান সহজ নহয়,

বুকুৰ বিষবোৰ আনৰ আগত বুজা।


হাঁহিটো মুখত সদায় ওলমি থাকে, 

যেন পৃথিৱীৰ আটাইতকৈ সুখী মানুহ, 

কিন্তু সেই হাঁহিটোৰ আঁৰত থকা দুখবোৰ, 

চিনাক্ত কৰিব পৰা দাপোণখন জানো আছে..?


মই ভালেই আছোঁ- এইষাৰ আটাইতকৈ ডাঙৰ মিছা, 

যি মিছাৰ আঁৰত নিজকে সদায় লুকুৱাই ৰাখে, 

আন্ধাৰ কোঠাত যেতিয়া নিশা নামি আহে, 

তেতিয়া চকুৰ পানী জাক গোপনে নিজম কৰি ৰাখে।


প্রিয় মানুহজনেও কেতিয়াবা পঢ়িব নোৱাৰে, 

নীৰৱতাৰ মাজত থকা গভীৰ আৰ্তনাদ, 

সকলোৱে কেৱল সফলতাৰ হিচাপ কৰে, 

কোনেও নুসুধে, কিয় ইমান নীৰৱ হৈ থকা..?


ভিতৰে ভিতৰে হাজাৰবাৰ ভাঙি পৰে, 

আকৌ পিছদিনা পুৱা নতুনকৈ গড়ে নিজক, 

পুৰুষত্বৰ মুখাখন পিন্ধি জীয়াই থাকে, 

দেখুৱাব নোৱাৰে নিজৰ সেই দুৰ্বলতাক।


কাৰণ সি জানে- কান্দিলে তাক কাপুৰুষ বুলিব, 

হাৰ মানিলে ক’ব, তুমিটো শক্তিশালী আছিলা!

গতিকে সি অভিনয় কৰে, অবিৰত অভিনয়, 

যেন তাৰ একো হোৱা নাই, যেন সি একো হেৰুৱা নাই।


হেৰাই যোৱা সপোনৰ বোজা কঢ়িওৱা লৰাজনৰ, 

এই নীৰৱ যুঁজখন সঁচাকৈয়ে অনন্য, 

বুজি পোৱাজন হয়তো এই পৃথিৱীত বৰ কম, 

তথাপিও এই ধৈর্য্যই ধন্য কৰি ৰাখে।


কোনোবাই বুজক বা নুবুজক মনৰ বতৰা, 

ভাগৰি নপৰিবা, থমকি নৰবা, 

হাঁহিৰ আঁৰৰ সেই ভাঙি পৰা মানুহজনকো, 

কেতিয়াবা মৰমেৰে সাৱটি ধৰিবলৈ শিকিবা।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages