কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

কবিতা


 কবিতা 


             মিহিৰ মুকুল


উৰি যোৱা ভ্ৰমৰ চৰাইজাকৰ লগত

যায় নেকি উৰি বুকুৰ পানী-চৰাই এহালি


নিস্তৰংগ, দগ্ধ পানীৰ কণ্ঠ

স্বপ্নত নাই স্বপ্ন


অ’ মোৰ সপোনত হেৰুৱা বালিমাহী 

ঘূৰি আহিছ নে নিজলৈ

সন্ধ্যাৰাগৰ পুৰাতন পাখি পিন্ধি

বতাহত নুনুমুৱা চাকিগছি চকুত লৈ…


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages