ক্ষন্তেকৰ ভোজ
ৰমেল কুমাৰ গগৈ
ঢকুৱাখনা
লগৰ কেইটাৰ ওচৰত কমেইহে পইচা থাকে কিন্তু জু’চ এটা থাকে লগে ভাগে খোৱাৰ আৰু অলপ তামাচা কৰা৷কন্টিয়ে দুপইচা বেচিকে দিয়ে তাৰ বাপেক মাষ্টৰ যে৷বাপধন দোকানত থাকোতেই বজাৰটো কৰা হয়; সি যেনিবা আলু দুটা, ৰঙা পিঁয়াজ, নিমখ, এইবোৰ জোখতকৈ অলপ বেছিকে দিয়ে৷গতিকে মিলি যায়৷অকন, মৰম, কণ্টি, বাপধন আৰু সি। বেয়া নালাগে ভোজৰ আগগুৰি নোহোৱা আড্ডা, চিঞৰ-বাসৰ, স্ফুটি৷কিবা এটা আমেজ, বুজাব নোবাৰা শিহৰণ।
এবাৰ কি হ’ল জানেনে? পূঁজাত গোটেই কেইটা লগ হ’লো। দশমীত খানা পকা বনবস্তী৷বাপধনে ঘৰৰ হাঁহ এটা আনিলে। মই, মৰম আৰু অকন মিলি বজাৰটো কৰি পেলালো। কণ্টিয়ে কিবা জুলিয়া নতুন বেণ্ড এটা আনিলে গল্ড ৰিবন নে কি? হাঁহৰ লগত কুমুৰা মিলে কিন্তু গাঁৱৰ দোকান বোৰতটো কুমুৰা পোৱা নহ’ব৷কণ্টি আৰু মই গ’লো সৰুভাই ঘৰৰ গোহালি চালত লাগি থকা কুমুৰাটো সৰহ ফাল কাটি লৈ আনিলোঁ৷
সৰুভাই জীয়েক বাৰ্বী আৰু কণ্টিৰ মাজত ইলো ইলো৷আৱেলি তাই বাপধনৰ দোকানলৈ চানা কিনিবলৈ আহোঁতেই কণ্টিৰ লগত বাট ভেটাভেটি। তেতিয়া কণ্টিয়ে ক’লে আজি ভোজ খাম ৰঙাই ঘৰৰ চোতালত।
হাঃহাঃহাঃ কৈ উচ্চ স্বৰত হাঁহি দিলে সি৷নাৰ্চজনী দৌৰি আহি সুধিলে তাক কিয় হাঁহিছে৷সি ক’লে মবাইলত বেহাবাৰী আউত পষ্ট চাই হাঁহি ৰখাব পৰা নাই সি।
মিচা মাতিলে।
: কি বোৰ যে মনলে আহি আছে তাৰ।
প্ৰিয় পাঠক কথাৰ বিসংগতি দেখি ভাবিছে চাগে গল্পকাৰৰ তাঁৰ চিগিল।
: ৰ’ব কৈ আছোঁ কথা বোৰ।
বাপধন এতিয়া দেউতাকৰ গেলা মালৰ দোকান খন, বাপধন গচাৰি বুলি চাইন বৰ্ড লগাই গজগজিয়া মহাজন হৈ গ’ল৷কণ্টি মাষ্টৰ হ’ল৷মৰম ইলেক্ট্ৰিচিয়ান,অকন ৰাজমিস্ত্ৰি আৰু ময়ো মাষ্টৰ কিন্তু মই দূৰত থাকোঁ৷কাচিত হে ঘৰলৈ আহোঁ।
আটাইকেইটা লগ হ’লো ফোনত৷কন্টিক মই জি পে কৰি দুহাজাৰ দি দিলোঁ; বাকীখিনি সি মিলাব৷ইহঁতৰ পৰা পইচা লোৱা নহ’ল। ক্ষণিকতে খানাৰ পোকটো মনলৈ আনিলে আহিলমৰমৰ আৰু অকনক কথাটহ ক’লে। সিঁহতে কনফাৰেন্স ক’লত আমাৰ কেইটা লগত কথা পাতিলে শনিবাৰ যেতিয়া ভোজ হ’বই। মই মাত্ৰ সন্ধিয়ালৈ লগ হ’ব পাৰিলিই দ’ল। সিঁহতে ৰেডি কৰি থ’বই৷মই বোলো হ’ব দৰ্মহা দুটকামান পাওঁ যেতিয়া খানা হ’ব। কণ্টিক ক’লো চিগনেচাৰ নহ’লে অকেনগ্ল কিবা আনিবি৷কমদামৰ মদ নেখাওঁ। খাম যেতিয়া ভালকৈ খাম৷হা্ঁহ এটা আনিবলৈ ক’লো মৰম আৰু অকন হাঁহি ৰখাবই নোবাৰা হ’ল। বাৰ্বীক হেনো সেইদিনা বাপেকে খুৱ পিতিলে৷তাই হেনো কৈছিল আমাৰ কুমুৰাটো কণ্টিহতে নিজে৷ৰঙাই চোতালত সিহঁতে ভোজ খাইছিল। বাপেকে সুধিলে তই কেনেকে জানিলি—তাই
উত্তৰ চানা খাবলৈ যাঁওতে কণ্টিক লগ পাইছিলো। সি কৈছিল। সুধপোচ নাই-বাপেকে ফলা খৰিৰে দিলে পিতন৷আৰু ক’লে ডেকা ল’ৰা লগত গা ঘেলাবলে গৈছিলি নে দোকানৰ পৰা চানা কিনিবলৈ গৈছিলি নে ডেকা ল’ৰা লগত চুপতি মাৰিবলৈ গৈছিলি৷লগে লগে কণ্টি আৰু বাৰ্বী ব্ৰেকআপ৷কথাখিনি অকনে সজাই পৰাই ৰস লগাকৈ ক’ব জানে৷তাৰ মাতটো গলগলিয়া,খহতা৷হাঁহি হাঁহি পেটৰ নাৰী বিষ হৈ যায় সিহঁতৰ।
পৰঙাই ঘৰত খানা আটাই কেইটাই মোক ফোনৰ পাছত ফোন কৰিবলৈ ধৰিলে। মই আহি আছোঁ জোনাই পৰা। মানে মই জোনাইত এল পি স্কুলৰ টেট মাষ্টৰ দেই৷চিলাপথাৰ পাঁওতে আৱেলি চাৰিটা বাজিল৷চিলাপথাৰ পাৰ হৈ আহিছোঁ হে পালে নহয় এজাক আপদিয়া বৰষুণে৷
সন্ধিয়া ৭:৩০ বজাত মই ঘটাপৰা পাইছোহি৷মোৰ গ্লেমাৰ বাইকৰ গতিবেগ তেতিয়াঢ সত্তৰ আশে-পাশে। ঘটাপৰাত এজনে চিঞৰিলে হ–ৰি ৰ’বচোন। এনে আচম্বিত আগন্তুকৰ বাবে মই প্ৰস্তুত নাছিলে। মোৰ ব্ৰেইনত তেতিয়া চলি আছিল হাঁহৰ লগত কুমুৰা মাংস জুটি৷গাহৰি পুৰা; বিয়েৰ আৰু অকেনগ্ল ককটেইল। জহা চাউলৰ ভোজৰ ভাত৷চাই আপঙৰ মিঠা সোৱাদ এটা লকলকাই থকা এখন জিভা। মোৰ ব্ৰেইনে সঠিকভাবে মোক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। মই ধীৰে ধীৰে ৰে বাইক খন ৰাখি আগন্তুকৰ ওচৰলৈ ঘূৰি আহিব লাগিছিল। কাৰণ সত্তৰ কিলোমিটা স্পিড ইমান ক’ম স্ডিড নহয়। কিন্তু ব্ৰেইনে মোক চিগনেল দিলে ঠাইতে ড্ৰিজবেগ মাৰ আগন্তুকৰ লগত কথা পাত আৰু সোনকালে ভোজলে যা।
লগে লগে মই ঠাইতে ৰৈ গ’লো। নিজকে ওঠৰ বছৰীয়া বাইক ষ্টাণ্ট কৰা যুৱকৰ দৰে লাগিল। মই ৰৈ নগলো। ধলি পৰিলোঁ। বাঁও ভৰিটো ওপৰত বাইক খন। মোৰ আঠু ঘিলা ফাটিছে। ভৰিত প্লাষ্টাৰ৷নাৰ্ছিংহোমৰ বগা বেডত শুই শুই ভাবি আছোঁ ক্ষন্তেকৰ ভোজ কোনে খাই।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment