বৰষুণৰ চাহ আৰু তুমি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

বৰষুণৰ চাহ আৰু তুমি

 

বৰষুণৰ চাহ আৰু তুমি


বৰষা ডেকা

বাইহাটা চাৰিআলি


    গুৱাহাটীৰ পৰা নলবাৰীলৈ যোৱা পথৰ কাষত থিয় হৈ আছে এখন জৰাজীৰ্ণ চাহৰ দোকান। দোকানখনৰ টিনৰ চালত যেতিয়া চিপচিপিয়া বৰষুণৰ টোপালবোৰ পৰে, তেতিয়া এক অদ্ভুত সংগীতৰ সৃষ্টি হয় — টুপ...। যেন আকাশে পৃথিৱীক চিঠি লিখিছে, বিন্দু বিন্দু আখৰেৰে।

   দোকানৰ ঠিক সন্মুখতে বিস্তীৰ্ণ সেউজীয়া ধাননি। আঘোণৰ ধানবোৰ এতিয়াও কেঁচা, কিন্তু বৰষুণৰ পানী পাই সিহঁতৰ গাত যেন নতুন প্ৰাণ আহিছে। ধানৰ পাতৰ আগত লাগি থকা বৰষুণৰ টোপালবোৰত যেতিয়া মাজে মাজে ৰ’দৰ কিৰণ পৰে, তেতিয়া সিহঁত মুকুতাৰ দৰে জিলিকি উঠে। বতাহ বলিলে গোটেই পথাৰখনেই যেন সেউজীয়া ঢৌৰে নাচি উঠে।

   দোকানৰ ভিতৰখন সৰু। মাত্ৰ দুখন কাঠৰ বেঞ্চ। এখন বেঞ্চত বহি আছে গাঁৱৰে দুজন খেতিয়ক। পথাৰৰ পৰা উভতি আহোঁতে বৰষুণে তেওঁলোকক ভিজাই পেলাইছে। ভিজা গামোচাৰে মূৰ মচি মচি তেওঁলোকে গৰম চাহৰ পিয়লাত চুমুক দিছে আৰু চলিত বতৰ, ধানৰ দাম, চৰকাৰৰ আঁচনিৰ কথা পাতি আছে। তেওঁলোকৰ সৰল হাঁহিত জীৱনৰ ক্লান্তি নাইকিয়া হৈ গৈছে। আৰু আনখন বেঞ্চত আমি দুয়ো। আমাৰ মাজত কাঠৰ মেজ এখনত মাত্ৰ এটা এপিয়লা চাহ। চাহৰ পৰা ওলোৱা ধোঁৱাই কুণ্ডলী পকাই ওপৰলৈ উঠি গৈ টিনৰ চালত বিলীন হৈছে। 

   তুমি আজি এইখন ধুনীয়া ৰঙা পাৰিৰ ৰেচমৰ শাৰীখন পিন্ধি আহিছা যে তোমাক দেখিবলৈ পৰী যেন লাগিছে। বাহিৰৰ পৰা অহা বৰষুণৰ ছিটিকনিত তোমাৰ শাৰীৰ আঁচলটোৰ অলপ অংশ তিতি গৈছে, আৰু তিতা কাপোৰডোখৰ তোমাৰ বাহুত লাগি ধৰিছে। তাতে তুমি চুলিৰ খোপাটো খুলি দিছা। দীঘল, ক’লা, তিতা চুলিকোছা তোমাৰ পিঠিৰে বৈ গৈ কঁকাল চুইছেগৈ। যেতিয়াই দোকানৰ সন্মুখেৰে এখন গাড়ী পাৰ হৈ যায়, তেতিয়াই অহা বতাহজাকে তোমাৰ চুলিৰ দুডালমান উৰুৱাই আনি তোমাৰ ৰঙা ওঁঠত লগাই দিয়ে।উফ! এক মনোমোহা দৃশ্যই মোক তোমাৰ প্ৰেমত পেলাই দিলে অ'।জানানে! তুমি অন্যমনস্ক হৈ আঙুলিৰে সেই চুলিকেইডাল আঁতৰাব খোজা দৃশ্যটো চাই থাকোঁতে মোৰ পৃথিৱীখন থমকি ৰয়।

   মই লাহেকৈ চাহৰ পিয়লাটো তোমাৰ ফালে আগবঢ়াই দিলোঁ। তুমি মোৰ চকুলৈ এবাৰ চাই ল’লা, আৰু একো নকৈ পিয়লাটো লৈ একে চুমুকেৰে আধা চাহ খাই পেলালা। বাকী আধা তুমি মেজতে থ’লা — মোৰ বাবে। তোমাৰ ওঁঠৰ উম লগা, তোমাৰ পৰশ লগা সেই আধা পিয়লা চাহকাপ যেতিয়া মই খালোঁ, তেতিয়া অনুভৱ হ’ল, মই যেন পৃথিৱীৰ আটাইতকৈ ধনী মানুহ হৈ পৰিলোঁ। এখন দোকানৰ এপিয়লা চাহে কেতিয়াবা গোটেই জীৱনৰ তৃষ্ণা মাৰিব পাৰে, সেই কথা মই আজিহে বুজিলোঁ।

    ঠিক তেতিয়াই এক আশ্চৰ্য ঘটনা ঘটিল। আকাশৰ ক’লা ডাৱৰৰ ফাঁকেৰে হঠাৎ বেলিটো ওলাই আহিল। কিন্তু বৰষুণ তেতিয়াও বন্ধ হোৱা নাই। ৰ’দ আৰু বৰষুণৰ এই লুকাভাকু খেলখনত গোটেই প্ৰকৃতিটো যেন ৰহস্যময় হৈ পৰিল। সেই সোণালী ৰ’দজাক যেতিয়া তোমাৰ ৰঙা শাৰীখনত পৰিল, তেতিয়া শাৰীখন জুইৰ দৰে জ্বলি উঠিল। তোমাৰ তিতা চুলিত ৰ’দৰ কিৰণ পৰি এনে লাগিল যেন প্ৰতিডাল চুলিতে কোনোবাই সোণৰ গুড়ি সানি দিছে। 

   দোকানী ককাই চাহৰ কেটলিটো জোকাৰি জোকাৰি আমাক সুধিলে, “বাবু, আৰু এপিয়লা দিম নেকি? বৰষুণত চাহ খোৱাৰ মজাই বেলেগ।” 

   তুমি একো নক’লা। মাথোঁ মোৰ চকুৰ গভীৰলৈ চাই মিচিকিয়াই হাঁহিলা। সেই হাঁহিটোত হাজাৰটা কবিতা লুকাই আছিল। সেই মুহূৰ্তত মই বুজি পালোঁ — জীৱনটো আচলতে বৰ সৰল। এটা জৰাজীৰ্ণ চাহৰ দোকান, এজাক চিপচিপিয়া বৰষুণ, মাজে মাজে ওলোৱা অলপমান ৰ’দ, খিৰিকীৰে দেখা পোৱা সেউজীয়া ধাননি, আৰু তাৰ মাজত ৰঙা শাৰী পিন্ধি চুলিকোছা মেলি বহি থকা তুমিজনী — এইখিনিয়েই মোৰ বাবে যথেষ্ট। ইয়াতকৈ ডাঙৰ সুখ, ইয়াতকৈ ডাঙৰ প্ৰাপ্তি এই পৃথিৱীত একো নাই।

    বাহিৰলৈ চালোঁ। বতাহত ধাননিয়ে মূৰ দুপিয়াইছে। যেন সেউজীয়া পথাৰখনে আমাৰ নীৰৱ প্ৰেমৰ সাক্ষী হৈ আমাক আশীৰ্বাদ দিছে। দোকানৰ কাষত বহি থকা খেতিয়ক দুজনে আমাৰ ফালে চাই আপোনমনে হাঁহি দিলে। সেই হাঁহিত কোনো প্ৰশ্ন নাছিল, কেৱল এটা সহজ স্বীকৃতি আছিল।

    লাহে লাহে চাহ শেষ হ’ল। পিয়লাটো খালী হৈ পৰিল। কিন্তু বিশ্বাস কৰা, এই আবেলিটো তেতিয়াও শেষ হোৱা নাছিল। এই বৰষুণজাকৰ শব্দ, তোমাৰ মেলা চুলিৰ পৰা অহা জুইৰ গোন্ধ, তোমাৰ শাৰীৰ ৰঙা আভা, তোমাৰ ওঁঠৰ পৰশ লগা চাহৰ সোৱাদ — এইবোৰ মোৰ বুকুৰ ভিতৰত চিৰদিন সজীৱ হৈ থাকিব। 

   আমি উঠিলোঁ। বাহিৰত তেতিয়াও বৰষুণ দি আছে। আৰু তুমি মোৰ হাতত ধৰিলা। আমি দুয়ো একেলগে ভিজি ভিজি সেউজীয়া পথাৰখনৰ কাষে কাষে খোজ ল’লোঁ — এটি নতুন বেলি ফুলৰ গল্প লিখিবলৈ।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages