কলিযুগৰ বৈচিত্ৰ্য
শিল্পী দাস (প্ৰিয়)
ভালুকমাৰী, হোজাই
অধঃপতন স্বাৰ্থ পিয়াসী
কলঙ্কিত কুৎচিত চিত্ৰ,
নির্লজ্জ কথোপকথন
কলিযুগৰ বৈচিত্ৰ্য।
শিক্ষা-সংস্কৃতি আচাৰ-ব্যৱহাৰ
অশ্লীল অপ্সৰা বতৰ,
সন্মান টকাৰ ভাঁজত
সস্তাত বিক্ৰীত সচৰাচৰ।
মানৱ লালসাই অন্ধ
আক্ৰোশ আৰু অসন্তুষ্ট,
দানৱীয় জীৱশ্ৰেষ্ঠৰ পাৰ্থক্যত
হিংস পশুৰ ভাষাও মৃষ্ট।
স্তব্ধ বৰ্ণনাৰ মুখমণ্ডলত
অস্ত্ৰ-তৰোৱালেৰে কৰে সমাধান,
বহুমাত্ৰিক জ্যামিতিকৰ পৃষ্ঠাত
সত্য প্ৰমাণিত সাৱধান।
ন্যায়ৰ মৰু উদ্যান উলঙ্গ
বিচাৰক মৰীচিকাৰ শেহান্তৰ,
ক'লা পৰ্দাত ধর্ষক
প্ৰদীপৰ শিখাত মুখা পিন্ধা অন্তৰ।
আত্মসন্মান ছিদ্ৰ
অৰ্ধ স্তন আকৰ্ষিত,
যৌৱন প্ৰিয়জনৰ পৰশত নিৰ্য্যাতিত
ভালপোৱাৰ নামত বিলাসিত।
পিতৃ-মাতৃ পথৰ ভিখাৰি
ঘৈনীয়েকৰ কৌশলীয় মন্ত্ৰ,
কলিযুগৰ পুত্ৰ সন্তান
শহুৰ-শাহুৰিকৰ যন্ত্ৰ।
ভাতৃ-ভগ্নী মাজ বাটতেই বিচ্ছিন্ন
দুহাড়িত ফুটে অন্ন,
মিত্ৰতাৰ ছলত নেষাযুক্ত
কাহিনী গঢ়ে ভিন্ন।
শিক্ষা বগা কাগজৰ নক্সা
মৃত্যুৰ ৰচে শেষ দেহ,
অহংকাৰী ৰূপ-সৌন্দৰ্য
ভূ-গৰ্ভতেই হ'ব বাহ।
জ্ঞানৰ ভাণ্ডাৰ সঁফুৰা
বিশ্বাস ভঙ্গ ভৰসা,
আভ্যন্তৰীণ ক্ষোভ জ্বালা
এক উন্মাদনা প্ৰত্যাশা।
মোক্ষ ক্ষত-বিক্ষত পূৰ্ণাংগ
মনুষ্যত্বৰ চৰিত্ৰ,
উজ্বলতাত জ্বলি উঠিল
কলিযুগৰ বৈচিত্ৰ্য।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment