নিৰ্জন ৰাতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, June 1, 2026

নিৰ্জন ৰাতি

 


নিৰ্জন ৰাতি


                  সংগীতা টাইদ

                         ঘূনাসুঁ‌তি


এটা নিৰ্জন ৰাতি 

আৰু এজনী আইতাৰ নাতিনী।

নিৰ্জন ৰাতিৰ আকাশখন

মোৰ বৰ প্ৰিয়।

এটা নিৰ্জন ৰাতিত

কেতিয়াবা পাইছেনে বাৰু বহি ?

পাইছে নে বাৰু কেতিয়াবা

জোনাক নিশা আইতাৰ সৈতে

সাধু কথা শুনি

তেজীমলা,চিলনী জীয়েকৰ সাধু,

আবু তুনতুৰুণ, বুঢ়া-বুৰী আৰু শিয়াল 

টুলা আৰু তেজা, শিয়ালৰ সাধু,

ঔ-কুঁৱৰী, ইত্যাদি।

মোৰ কিন্তূ আজিও

দুচকুত ভাঁ‌হি আহে

সেই সোনালী শৈশৱৰ কথা।

যেতিয়াই তৰা ভৰা

আকাশখনলৈ চাওঁ‌।

ৰাতিৰ আকাশখন মোৰ বৰ প্ৰিয়।

নিজান ৰাতিৰ তৰা ভৰা

আকাশখনে মোৰ সৈতে

বহুতো কথাই পাতে।

মনৰ কথা,হর্ষ -বিষাদ 

সুখ- দুখ, হাঁ‌হি-কান্দুন 

পোৱা-নোপোৱা 

ক’ত কিমান যে কথা

শেষ নোহোৱা কথা।

ভাৱি ভাৱি আমনি নলগা কথা

তুমি মই আমি হোৱাৰ কথা

জীৱন জীয়াৰ কথা।

ৰাতিৰ আকাশখনে

মোৰ সৈতে বহুতো কথাই পাতে।


Doksiri দকচিৰি, জুন, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages