অসমৰ থলুৱা কুটীৰ শিল্পঃ জাপি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, June 1, 2026

অসমৰ থলুৱা কুটীৰ শিল্পঃ জাপি

 


অসমৰ থলুৱা কুটীৰ শিল্পঃ জাপি


ডাঃ দ্বীপজ্যোতি শৰ্মা (পি.টি)


     লোককলা একোটা জাতিৰ সাংস্কৃতিক পৰিচায়ক, কাৰণ এনে লোককলাসমূহে জাতিটোৰ ৰুচি, ব্যৱহাৰ আৰু শৈক্ষিক পৰিচয় দাঙি ধৰে। এই লোকশিল্পৰ অন্যতম জাপি থলুৱা শিল্পৰ অন্যতম নিদৰ্শন। অৱশ্যে উৎপত্তিৰ সম্পৰ্কত বিভিন্ন পণ্ডিত গৱেষণাৰ মতে ই চীন বা তিব্বত দেশৰ আমদানি শিল্প বুলি বহুতে মত দাঙি ধৰিলেও ভাৰতবৰ্ষৰ ভিতৰত অকল অসমতে জাপিৰ সৃষ্টি আৰু ব্যৱহাৰ প্ৰচুৰ পৰিমাণে দেখা যায়। আনহাতে আহোম ৰাজত্বকালত আভিজাত্যৰ প্ৰতীক হিচাপে জাপিয়ে ৰাজকীয় সমাদৰ পালে যদিও প্ৰথমতে খেতিয়কসকলে খেতিপথাৰতে ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ জাপি ব্যৱহাৰ কৰিছিল, কিন্তু পিছলৈ অসমীয়া সমাজ জীৱনত ই এক অপৰিহাৰ্য্য অংগ হৈ পৰে। মূলতঃ জাপি শব্দটি জাপ শব্দৰ পৰা অহা, যাৰ অৰ্থ হৈছে টকৌ পাতৰে ভৰ্ত্তি হৈ থকা দম। সেয়ে গাঁৱৰ প্ৰায়ভাগ মানুহৰে জীৱিকাৰ উৎস হিচাপে প্ৰয়োজনীয় কেঁচা সামগ্ৰী যেনে- বাঁহ, বেত, টকৌ পাতেৰে আনকি ল’ৰা-ছোৱালী আৰু মহিলাসকলে সততে হাতে-কামে আগভাগ লোৱা প্ৰায়ে দেখা যায়। একেদৰে মানুহৰ অভিৰুচি অনুযায়ী ডাঙৰ-সৰু জাপি ৰং-বিৰঙৰ কাগজ, ঊণসূতা, চুমকী, আখৰ, ফুল আদি খটুৱাই তৈয়াৰ কৰা এই জাপি সন্মানৰ প্ৰতীক। সেইদৰে গঠন প্ৰণালী আৰু ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধান জাপিৰ প্ৰকাৰবোৰ হ’ল–

(ক) হালোৱা জাপিঃ গঞা লোকসকলে খেতিপথাৰত হাল বাই থাকোতে ৰদ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ এই জাপি ব্যৱহাৰ কৰে।

(খ) বৰ জাপিঃ সাধাৰণতে সমাজৰ বৰমূৰীয়াসকলে বিভিন্ন উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা এই জাপি আহোম ৰাজঘৰৰ বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই পদবীৰ বিষয়াসকলে সোণ চুলাৰে নিৰ্মিত জাপি প্ৰচলিত কৰিছিল।

(গ) সৰুদৈয়া জাপিঃ বাঁহৰ দৈ অথবা মিহি কাঠীৰে নিৰ্মিত এই জাপি চৰাঘৰৰ শুৱনি কৰিবলৈ বা বিহুনৃত্যত ব্যৱহাৰ হয়।

(ঘ) ফুলাম জাপিঃ অসমীয়া জাতিৰ সৌন্দৰ্য্যৰ প্ৰতীক এই জাপি বৰঘৰ, সভামঞ্চ, তোৰণ আদি আটকধুনীয়াকৈ সজাই-পৰাই তুলিবলৈ ব্যৱহাৰ কৰাৰ লগতে বিশিষ্ট ব্যক্তিসকলক আদৰোঁতে সম্বদ্ধৰ্না যাঁচিবলৈ দিয়া হয়।

দৰাচলতে, নামনি অসমৰ নলবাৰী জিলাৰ বৃহত্তম মুগকুছি অঞ্চলৰ বালামুগকুছি, তিলানা, সুতাৰকুছি, কৰ্দৈতোলা, মুদৈতোলা, বালিলেছা আদি গাঁওসমূহৰ কেইবাটাও প্ৰজন্ম ধৰি জাপি নিৰ্মাণ কৰিলেও এই কুটীৰ শিল্পটিক উপযুক্তভাৱে আধুনিকীকৰণ কৰা নাই। আনকি গাঁৱৰ ৰাইজে নিজাববীয়াকৈ ইয়াক জীয়াই ৰাখি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ আগুৱাই নিয়াত জাপিয়ে ইতিমধ্যে GI Tag লাভ কৰিছে। তথাপি চৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱত মধ্যভোগীৰ ৰূপত অহা বাহিৰৰ ব্যৱসায়ীসকলে কম দামত জাপিসমূহ কিনি নি মুনাফা লুটি অহাৰ ফলত থলুৱা উদ্যোগে বাণিজ্যিকভাৱে লোকচান ভৰিব লগাত পৰিছে, কাৰণ বিভিন্ন উৎসৱ-পাৰ্বণৰ লগতে নানা সময়ত শিল্পীসকলে জাপি উৎপাদনত দিনে-নিশাই ব্যস্ত থকা এই লোকসকলক চৰকাৰৰ লগতে জাতীয় সংগঠনে কিছু বিত্তীয় সাহায্য তথা যথোচিত সন্মান জনালে খাটিখোৱা মানুহখিনিৰ মংগল সাধনৰ লগতে নিবনুৱা সমস্যা অলপ হলেও লাঘৱ হ'ব।


লেখকৰ ঠিকনাঃ 

ডাঃ দ্বীপজ্যোতি শৰ্মা (পি.টি)

স্নায়ুফিজিঅথেৰাপিষ্ট

গড়চুক, গুৱাহাটী

ফোনঃ ৬০০০৩৪২৩৫৩


Doksiri দকচিৰি, জুন, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages