দুটি সাৰংগিক
ড° মীনা দেৱী বৰুৱা
তিনিচুকীয়া
(১)
উদ্যাপন (সাৰংগিক)
নিজকে ভাল পাব জানিলে জীৱন উদ্যাপন
আনৰ বাবে সেৱাৰে কৰা এয়া এক আয়োজন
মৃত্যুৰ বাবেই কতনো অভিযান
যন্ত্ৰণাৰ মাজতে সুখৰ সন্ধান
কজলা মেঘৰ বুকুৱে জানে ধৰিত্ৰীৰ সেউজ সোপান
(২)
বসন্ত (সাৰংগিক)
ফুলবোৰে হালি জালি উলাহেৰে যি ক'থা মোক ক'লে
বসন্তৰ আলিদোমোজাত প্ৰকৃতিৰ ৰহণ চৰে
আকাশে নীলা ৰং ঢালি ডেউকা মেলি দিলে
ঢিমিকঢামাক আশাৰ চাকিগছি জ্বলে
ওঁঠবোৰ প্ৰাণময় হৈ উঠিছে, উছৱৰ অমল উছাহতে
(টোকাঃ সাৰংগিক হৈছে কবিতাৰ তুলনামূলকভাবে এক নতুন সংযোজন। পঞ্চশাৰীযুক্ত এই কবিতাৰ অৰ্থ গভীৰ। এই কবিতাই প্ৰেম- প্ৰীতি, প্ৰকৃতি, সামাজিক অৱস্থা, নৈতিকতা, দেশপ্ৰেম, মানৱপ্ৰেম, বিশ্বপ্ৰেমকে ধৰি বিভিন্ন দিশ সামৰি লয়। লিমাৰিকৰ দৰেই পঞ্চশাৰীযুক্ত হ’লেও দুয়োটা ধাৰাৰ পাৰ্থক্য বহুত। )
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment