মৰমবোৰ টকাৰে কিনিব পৰা হ’ল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 1, 2026

মৰমবোৰ টকাৰে কিনিব পৰা হ’ল

 

মৰমবোৰ টকাৰে কিনিব পৰা হ’ল


ৰতন বৰ্মন

নলবাৰী


আজিকালি মৰমবোৰ টকাৰে কিনিব পৰা হ’ল               

স্বাৰ্থপৰ হ'ল মানুহৰ মনবোৰ স্বাৰ্থপৰ হ’ল মানুহৰ হৃদয়বোৰ                   

চৌদিশে কেৱল হিংসা, হত্যা, ঠগ-প্ৰৱঞ্চনা

হেৰাই গ’ল সেই মানৱতা,হেৰাই গ'ল সেই মাদকতা 

য'ত আছিল কেৱল আৰু কেৱল নিস্বাৰ্থ মৰম

আজিকালি মৰমবোৰ টকাৰে কিনিব পৰা হ'ল            

এতিয়া আৰু সেই চিঠিৰ দিনবোৰ নাই

কোনোবা প্ৰেয়সীয়ে তাইৰ তুলবুলীয়া আঙুলিৰে 

কাৰোবালৈ লিখি পঠিয়াব হেপাহৰ চিঠিখন             

তাই লিখিব “সোন তুমি কেনে আছা” কুশলে আছাতো তুমি.......

কোনোবা দুৰ্ভগীয়া প্ৰমিক চৰাইটিয়েও বাট চাই ৰ'ব তাইলৈ বুলি                  

কিজানিবা কিবা পঠিয়াইছেই মোলৈ

মৰমেৰে হেপাহেৰে........

হেৰাই গ'ল সেই দিনবোৰ সেই মৰমবোৰ

“১৯” টকীয়া নেটপেক এটাতে বিছাৰি পোৱা হ’ল সমস্ত পৃথিৱীখন   

মোবাইল, কম্পিউতাৰ যান্ত্ৰিকতাই গিলি পেলালে ক’ত মৰম, ক’ত প্ৰেম, ক’ত ভালপোৱা........

আজিকালি মৰমবোৰ টকাৰে কিনিব পৰা হ’ল!!  


প্ৰেমে মানুহ নামাৰে মানুহ মৰা শুনা নাছিলো কেতিয়াও      

প্ৰেমে হেনো মানুহ সজাই    

জীৱনৰ আধা-বাটতে ডুবিব খোজা মানুহ জীয়াই প্ৰেমে.......

সৌ-সিদিনাৰ কথা কি প্ৰয়োজন আছিল সিহঁতৰ  

একেদাল গছতে ছিপ্ লোৱাৰ                                 

ৰছীডালেও হয়তো বৰ কষ্ট পাইছিল                

আলফুলে ফুলি উঠা ফুল দুপাহ মহাৰি পেলাবলৈ

গছদালেও হয়তো ছিঞৰিছিল

নাই মই নোৱাৰে মই নোৱাৰোকৈ              

সচাঁকৈ আজিকালি মৰমবোৰ টকাৰে কিনিব পৰা হ’ল!! !!!


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages