নষ্টালজিয়াৰ দাপোণ
ভৃগুজ্যোতি শইকীয়া
শোণিতপুৰ
শেলাইৰে আৱৰা মোৰ উৱলি যাব ধৰা এই জীৱন
এতিয়া মাথোঁ অৱশিষ্টৰ নিনাদ ।
আন একো নহয়
পুৰণি পুৰণি লগা যেন
নষ্টালজীয়াৰ মামৰে ধৰা অনুভূতিয়ে কথা কয় ।
সময় বাটত চেকুৰি চেকুৰি যাওঁতে
কেতিয়াবা অৱসাদে সাৱটি ধৰি
মোৰ স্থিতি জানিব বিচাৰে,
কিন্তু মই যে মোৰ ক্লান্ত বেদনাক
বৰ্তমানৰ আৱেশত প্ৰকাশ কৰিবলৈ অপাৰগ ।
নিশাবোৰ গভীৰ হ'লেই যে মোৰ
প্ৰশান্ত হৃদয়খন বৰ অশান্ত হৈ পৰে,
তুমিটো জানাই মোৰ বেথা
তথাপি কিয় নুবুজাৰ ভাওঁ ধৰা ?
বাহ্যিক অভিনয় মই বেয়া পাওঁ ।
অনুগ্ৰহ কৰি এনেকুৱা নকৰিবা ।
আক্ষেপবোৰ যেতিয়া নষ্টালজিয়া হৈ পৰে,
তেতিয়া বৰ্তমানে স্মৃতিৰ পৰিধি ভাঙি
শব্দৰ মালা গাঁঠিবলৈ আৰম্ভ কৰে ।
কত প্ৰণয় ৰাতি যে নিশব্দে বাগৰি গ’ল
সময় গৰকি সকলো এতিয়া ইতিহাসৰ শব্দ হৈয়েই ৰ’ল ।
মই জানো এতিয়া সেই বকুলৰ সুবাস
তোমাৰ বাবে অৰ্থহীন ।
অতীতৰ আমোলমোল গোন্ধ
মোৰো বৰ বিষাক্ত যেন লগা হ’ল ।
যদি এবাৰ চাই যোৱাৰ অণুকম্পা কৰিব পাৰা
তেতিয়া দেখিবা,
মোৰ জীৱন পৰিক্ৰমা ক্ৰমশঃ স্তিমিত,
কি কৰিম কোৱা
এয়া যে মোৰ অন্তহীন আক্ষেপৰ এক জীয়া প্ৰতিফলন ।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment