নষ্টালজিয়াৰ দাপোণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

নষ্টালজিয়াৰ দাপোণ

 

নষ্টালজিয়াৰ দাপোণ


                               ভৃগুজ্যোতি শইকীয়া 

                                          শোণিতপুৰ 


শেলাইৰে আৱৰা মোৰ উৱলি যাব ধৰা এই জীৱন

এতিয়া মাথোঁ অৱশিষ্টৰ নিনাদ ।


আন একো নহয়

পুৰণি পুৰণি লগা যেন 

নষ্টালজীয়াৰ মামৰে ধৰা অনুভূতিয়ে কথা কয় ।


সময় বাটত চেকুৰি চেকুৰি যাওঁতে 

কেতিয়াবা অৱসাদে সাৱটি ধৰি

মোৰ স্থিতি জানিব বিচাৰে,

কিন্তু মই যে মোৰ ক্লান্ত বেদনাক 

বৰ্তমানৰ আৱেশত প্ৰকাশ কৰিবলৈ অপাৰগ । 


নিশাবোৰ গভীৰ হ'লেই যে মোৰ 

প্ৰশান্ত হৃদয়খন বৰ অশান্ত হৈ পৰে,

তুমিটো জানাই মোৰ বেথা

তথাপি কিয় নুবুজাৰ ভাওঁ ধৰা ?

বাহ্যিক অভিনয় মই বেয়া পাওঁ ।

অনুগ্ৰহ কৰি এনেকুৱা নকৰিবা ।


আক্ষেপবোৰ যেতিয়া নষ্টালজিয়া হৈ পৰে,

তেতিয়া বৰ্তমানে স্মৃতিৰ পৰিধি ভাঙি 

শব্দৰ মালা গাঁঠিবলৈ আৰম্ভ কৰে ।


কত প্ৰণয় ৰাতি যে নিশব্দে বাগৰি গ’ল 

সময় গৰকি সকলো এতিয়া ইতিহাসৰ শব্দ হৈয়েই ৰ’ল ।

মই জানো এতিয়া সেই বকুলৰ সুবাস

তোমাৰ বাবে অৰ্থহীন ।

অতীতৰ আমোলমোল গোন্ধ 

মোৰো বৰ বিষাক্ত যেন লগা হ’ল ।


যদি এবাৰ চাই যোৱাৰ অণুকম্পা কৰিব পাৰা 

তেতিয়া দেখিবা,

মোৰ জীৱন পৰিক্ৰমা ক্ৰমশঃ স্তিমিত,

কি কৰিম কোৱা

এয়া যে মোৰ অন্তহীন আক্ষেপৰ এক জীয়া প্ৰতিফলন ।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages