এঘৰি যুজিবলৈ মন আছে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

এঘৰি যুজিবলৈ মন আছে

 

এঘৰি যুজিবলৈ মন আছে


                                               জোনমনি বৰা


বৰষুণত তিতি থাকিও ৰ’দৰ কথা কওঁ

আন্ধাৰ বাটত খেপিয়াই পোহৰ বিচাৰি যাওঁ

নিজে ভোকত থাকিও আনৰ

লঘোণীয়া পেটৰ বেথাৰ

উমান লওঁ।

মানুহৰ এই নিহঃ কিনতাত কষ্ট পাওঁ এঘৰি যুজিবলৈ মন যায়

কাৰ সৈতে যুজিম পৰিবৰ্তনীয় সময়ৰ

এই সমাজ ব্যৱস্থা নে 

আমাৰ কেৰুণ ধৰা মানসিকতা

কাৰ সৈতে যুজিম নিজে

পানীত ডুবি আনক বচাম নে নিজে বাচিম।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages