জোনাকে বিচাৰে কি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

জোনাকে বিচাৰে কি

 

জোনাকে বিচাৰে কি?


                                  সুমন দুৱৰা গগৈ

                                           ডিব্ৰুগড় 


জোনাকে বিচাৰে কি? 

ৰঙীন পোহৰৰ পৰশ নেকি,

জোনাকৰ মাজতো যেন বিচাৰি পাওঁ 

একোটি বায়ুৰ কণা

যেন লাগে জিলিকি উঠিছে 

মধুৰ সুৰভি গানৰ কংকনা।

 বেলিৰ পোহৰত ৰামধেনুৰ ছাঁত 

নাচি উঠিছে এই বিশাল প্ৰকৃতি জগত।

বেলিৰ সাতোটা ৰঙৰ পোহৰত

ফুলিছে স্বৰ্গৰ পাৰিজাত ফুল

গানে গানে ডাৱৰে ডাৱৰে খুন্দা খাই আনিছে বৰষুণ।

আন্ধাৰে আন্ধাৰে বিচাৰি পালো যেন লাগিছে এমুঠি জোনাক 

জোনাকৰ জোনাকী পৰুৱা।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages