থকাৰ কবিতা
অনুভূতি গায়ন
সকলোৰে জীৱনত একোখন নদী নাথাকে
নাথাকে সোঁৱৰিব পৰাকে পথাৰৰ আবেলি
চাৰিটা কোঠাৰ ঘৰত
জোনাকৰ বাবে বাট নাথাকে
বেলি আৰু বতাহ চুবলৈ
ৰৈ থাকে এখন বেলকনি
বসন্তত শেৱালি বিচাৰি
অৰঙে দৰঙে ঘূৰি ফুৰে মন
তোমাৰ
মোৰ
আৰু
জেঠৰ তাপত শুকাই অহা প্ৰতিখন মুখ
আবতৰত অহা কুলিজনীৰ দৰেই
ময়ো আহো
বিচাৰি এখন ঘৰ
ডাল নথকা তোমাৰ গছৰ তলত বহি ভাবো
মৰি মৰি কিয় বয় কলং?
ইমান পৰিসাহ সহিও কিয় ফুলে আবতৰত
শেৱালি
আৰু
কুলি!
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment