থকাৰ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

থকাৰ কবিতা


 থকাৰ কবিতা


                 অনুভূতি গায়ন


সকলোৰে জীৱনত একোখন নদী নাথাকে

নাথাকে সোঁৱৰিব পৰাকে পথাৰৰ আবেলি


চাৰিটা কোঠাৰ ঘৰত 

জোনাকৰ বাবে বাট নাথাকে


বেলি আৰু বতাহ চুবলৈ

ৰৈ থাকে এখন বেলকনি


বসন্তত শেৱালি বিচাৰি

অৰঙে দৰঙে ঘূৰি ফুৰে মন


তোমাৰ

মোৰ

আৰু


জেঠৰ তাপত শুকাই অহা প্ৰতিখন মুখ


আবতৰত অহা কুলিজনীৰ দৰেই 

ময়ো আহো

বিচাৰি এখন ঘৰ


ডাল নথকা তোমাৰ গছৰ তলত বহি ভাবো

মৰি মৰি কিয় বয় কলং?


ইমান পৰিসাহ সহিও কিয় ফুলে আবতৰত 

শেৱালি

আৰু

কুলি!


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages