জুহালৰ স্মৃতি
কৃষ্ণা দাস হাজৰিকা
টিয়ক, যোৰহাট
থোপা থোপে উলমি থকা
জুহালৰ হাঁহিৰ খলকনিবোৰ
জুই ধোঁৱাৰ এলান্ধবোৰত
লাগি আছে,
জুহালৰ বেৰত আঁৰি থোৱা
ককা আইতাৰ সুখ-দুখৰ
সুৰীয়া কথাৰ ভাস্কৰ্যবোৰ
এতিয়া স্মৃতিৰ গৰ্ভত,
ফু-চুঙাটোয়ে সেই নিভাজ প্ৰেমৰ
স্মৃতিবোৰ স্পৰ্শ কৰে,
জুহালৰ বেৰত ঠিয় হৈ থকা
পিৰা দুখন এতিয়া
ভাগৰত ক্লান্ত হ’ল,
তামোলৰ খুন্দনাটোয়ে
খুন্দনা মাৰি ডালক
হুমুনিয়াহ কাঢ়ি চাই থাকে,
নিস্বাৰ্থ মৰম আৱেগবোৰ
বুটলিব বিচাৰে,
জুহালৰ মজিয়াখন ভেঁকুৰিছে ,
তাত নাই কোনো প্ৰেমিকৰ খোজে ,
ধোঁৱা লগা বেৰৰ ভাস্কৰ্যবোৰে
কেতিয়াবা কথা পাতে নিশব্দৰে,
সিহঁতৰ প্ৰেমৰ আলাপ
কোনোবাই শুনে বুলি,
এতিয়া সাথঁৰ সাথঁৰ হ’ল
সেই জুহালৰ উম,
মাথোঁ অতীতৰ ৰুমন্থণৰ বাবে
তাৰ স্মৃতিবোৰ কেতিয়াবা আখৰা কৰে ।।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment