এই মায়া বহুগামী নহয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

এই মায়া বহুগামী নহয়

 

এই মায়া বহুগামী নহয়


                                       ৰেবিকা নেওগ


চকুৰ চুকত জিকমিকাই উঠে একোটি তৰা 

দুখ বগাই সৰি সৰি যায় 

কাৰোবাৰ বাবে 

সকলোৰে বাবেতো নহয়


বুকুত ধৰফৰাই উঠে এটি উশাহ 

লাগি ধৰি ধৰি মুকলি হয় 

কাৰোবাৰ বাবে 

সকলোৰে বাবেতো নহয়


জিভাই বিন্ধি ধৰা পৰাধীন কথা 

উলাই আহিব নোৱৰা 

কাৰোবাৰ বাবে 

সকলোৰে বাবেতো নহয় 


এই মায়া বহুগামী নহয়

এনে মোহ সকলোৰে বাবে নহয় 

এই মোহৰ শেষত সকলো শিল হয়।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages