অপেক্ষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

অপেক্ষা

 

অপেক্ষা


               সুৰভি বৰপাত্ৰ গোহাঁই চেতিয়া

                                          শিৱসাগৰ 

                   

সুমধুৰ সংগীতৰ জাগৃতি ছন্দই 

মন সাগৰৰ উৰ্মিমালা হৈ 

থৌকি বাথৌ লগাই  মোৰ উৰুখা পঁজাত।


পোহৰৰ চাকিটোৱে দৃষ্টি নিক্ষেপ কৰে

ৰৈ দিয়া চৰাইজাকলৈ,

জীৱন তুচ্ছ কৰিও সিহঁত ৰৈ যায়। 



কৈ মৰা জীৱশ্ৰেষ্ঠৰ উৱাদিহ নাই

আন্ধাৰ ফালি পোহৰৰ বাট বিচাৰে 

মনৰ অগোচৰে ।


গাত ছাল বাকলি নহলেও নাই

বিদেশী সুৰাৰ ৰাগীত 

মতলীয়া হোৱাৰ সপোন আছে  সদায়।


সপোন আছে আকাশখন নিজৰ কৰাৰ

উদাৰতাৰে জগত জিনাৰ

আকাংক্ষাৰে লালায়িত নহয় কাহানিও।


বৈ যোৱাৰ সপোন আছে ভৰ বাৰিষাৰ

স্ৰোতস্বিনীৰ দৰে

বুকুত দৌলতৰ  বোজাটো বান্ধি 

নালাগে শীতৰ শান্ত সৌম্য গতি।


ৰিমঝিম বৰষাৰ গানত

নিদ্ৰামগ্ন হৈ ঘুমতি মৰাৰ সময় নাই

হেঁপাহ আছে 

ভৰ দুপৰীয়াৰ বেলিটো ধৰি ৰখাৰ । 


স্মৃতিৰ কঠিয়াতলিত বোকাময় দিনৰ

সুগন্ধি বিচৰা নাই 

দৌৰিছে কেৱল যান্ত্ৰিকতাৰ মাজলৈ । 


যন্ত্ৰৰ যান্ত্ৰণাত মন্ত্ৰপুতঃ পানী ছটিয়াই 

কোলাহলৰ জুইকুৱা কোনে কৰে নিৰ্বাপিত 

তাকেই মাথোঁ অপেক্ষাত অপেক্ষাৰত ।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages