সেউজীয়াৰ সন্ধানত….
সবিপ্ৰসাদ ৰাভা
কুলশী, কামৰূপ
সেউজীয়া পথাৰ বিচাৰি
খলাবমা বাটেৰে আহিলোঁ বহুদূৰ
এতিয়া
দুই বাটৰ চ’কত ভাবিছোঁ -
কোন বাটেৰে গ’লে পাম
মসৃণ বাট
য’ত
সেউজীয়া হৈ থাকিব পথাৰ
সেউজীয়া ভালপোৱা মোৰ হৃদয়খনে
বিলীন হ’ব পাৰিব
সেউজীয়াৰ স’তে…….!
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment